Kanaksen Deka:মহানগৰীৰ ৰেডিশ্বল ব্লু’ত নিউজ লাইভৰ পঞ্চদৰ্শ বৰ্ষপূৰ্তিৰ বিশেষ অনুষ্ঠান

বিশিষ্ট সাংবাদিক কনক সেন ডেকালৈ জীৱনজোৰা সাধনা বঁটা'২২ প্ৰদান প্ৰয়াত কাব্যঋষি নীলমণি ফুকনলৈ জীৱনজোৰা সাধনা বঁটা'২১ বৰ্ষশ্ৰেষ্ঠ অসমীয়া বঁটা লাভলীনাবৰগো আৰু নয়ণমণি শইকীয়ালৈ

WhatsApp Image 2023 01 23 at 9.15.59 PM

Kanaksen Deka:

উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ উপগ্ৰহীয় নিউজ চেনেল ‘নিউজ লাইভ’ৰ পঞ্চদৰ্শ বৰ্ষপূৰ্তি উপলক্ষে সোমবাৰে মহানগৰীৰ হোটেল ৰেডিশ্বন ব্লুড অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান ৷

এই অনুষ্ঠানত চেনেলটোৱে ২০২২ বৰ্ষৰ বাবে আগবঢ়োৱা জীৱনজোৰা সাধনা বঁটা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা প্ৰদান কৰে অসমৰ সংবাদ জগতৰ মহীৰূহ, প্ৰবীন সাংবাদিক কনকসেন ডেকাক

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডেকাক প্ৰদান কৰা বঁটাটিত আছে এখন ফুলাম গামোচা,প্ৰশস্তি পত্ৰ,স্মৃতিপট আৰু দুই লাখ টকাৰ চেক ৷

স্মতৰ্ৱ্য যে ২০২১বৰ্ষৰ বাবে জীৱনজোৰা সাধনা বঁটা কাব্যঋষি নীলমণি ফুকনলৈ আগবঢ়োৱা হৈছিল যদিও যোৱা সপ্তাহত তেখেতৰ মহাপ্ৰয়াণ ঘটাত এই বঁটাটি তেখেতৰ বাসগৃহত গৈ পৰিয়ালৰ হাতত তুলি দিয়াৰ কথা সদৰি কৰে নিউজ লাইভৰ অভিভাৱক অনুষ্ঠান প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাই

এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে নিউজ লাইভ’ৰ বৰ্ষশ্ৰেষ্ঠ অসমীয়া বঁটা ২০২১ৰ বাবে বক্সাৰ লাভলীনা বৰগোহাঁই আৰু ২০২২ ৰ বাবে লনবন খেলুৱৈ নয়নমণি শইকীয়াক আনুষ্ঠানিকভাৱে প্ৰদান কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ বঁটাত আছে ফুলাম গামোচা,প্ৰশস্তি পত্ৰ,স্মৃতিপট আৰু দুই লাখ টকাৰ চেক ৷

জনপ্ৰিয় অভিনেতা কপিল শৰ্মাই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাই ৷

সভাতে নিউজ লাইভৰ সুদীৰ্ঘ পৰিক্ৰমা সন্দৰ্ভত আলোকপাত কৰে চেনেলটোৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনে ৷

সভাত ৰাজ্যৰ কে’বা গৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক,জ্যেষ্ঠ আমোলা- আৰক্ষী বিষয়া সহ বিভিন্ন স্তৰৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷

Exit mobile version