Illegal Timber Seized Chirang :
চিৰাঙত বনবিভাগৰ দ্বাৰা উচ্ছেদিত গাঁৱত বনাঞ্চল ধ্বংস কৰি চোৰাং কাঠ সৰবৰাহ অব্যাহত । চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা ৰেঞ্জৰ ৰিপু সংৰক্ষিত বনাঞ্চলত নিশা বনবিভাগৰ অভিযান ।
চোৰাং কাঠ কঢ়িওৱা ৭ খন গৰু গাড়ী আৰু ১৩ টা গৰু জব্দ । ৰিপু সংৰক্ষিত বনাঞ্চলৰ গৰুৰ গাড়ীৰে চোৰাং কাঠ কঢ়িয়াই অনাৰ খবৰ লাভ কৰি বন বিভাগৰ লোকে কলোবাৰী আৰু ওদালগুৰী গাঁৱত অভিযান চলাই চোৰাং কাঠ খিনি জব্দ কৰে । বন বিভাগৰ অভিযানৰ উমান পাই এন্ধাৰৰ সুযোগ লৈ চোৰাং কাঠ কঢ়িয়াই অনা লোক সকলে পলায়ন কৰে ।
উল্লেখ্য যে যোৱা ৩০ জানুৱাৰীত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰিপু সংৰক্ষিত বনাঞ্চলত গছ -গছনি কাটি তহিলং কৰি অবৈধ ভাৱে স্থাপন কৰা কলোবাৰী আৰু ওদালগুৰী গাঁৱত বিটিচি প্ৰশাসনৰ পৰা উচ্ছেদ অভিযান চলোৱা হৈছিল ।
লক্ষ্যনীয় বিষয় যে কালি নিশা উক্ত গাঁও দুখনতে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰা হৈছে । বন বিভাগৰ মতে নিশা জব্দ কৰা চোৰাং কাঠ আৰু গৰু কেইটাৰ বজাৰ মূল্য প্ৰায় ২০ লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে ।
ইপিনে চিৰাং ডিএফঅ ব্ৰহ্মানন্দ পাতিৰীয়ে কয় যে বন বিভাগৰ উচ্ছেদ লৈ বিভিন্ন জনে ৰাজনীতি কৰা পৰিলক্ষিত হৈছে। একাংশ দালালে এই সকল লোকক বনাঞ্চল ধ্বংশৰ বাবে উচটোৱাৰ অভিযোগ কৰে বিষয়া জনে।