Chief Minister’s Intimate Talk: তাজ বিভান্টাত এন চি চি আৰু এন এছ এছৰ কেডেটৰে মুখ্যমন্ত্ৰীৰ অন্তৰংগ আলাপ

WhatsApp Image 2023 02 03 at 2.43.07 PM 1

Chief Minister’s Intimate Talk :

মহানগৰীৰ হোটেল তাজ ভিভান্টাত আজি দেশৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰা ৰাজ্যখনৰ এন চি চি আৰু এন এছ এছ ৰ কেডেট সকলৰ সৈতে এক অন্তৰংগ আলাপত মিলিত হয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই

উক্ত বাৰ্তালাপ অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণৰ বাবে তেওঁলোক কিদৰে নিৰ্বাচিত হৈছিল, প্ৰশিক্ষণৰ কালছোৱাত তেওঁলোকে লাভ কৰা শিক্ষা তথা পেৰেডত অংশ লৈ লাভ কৰা অনুভৱ আদিকে ধৰি বিভিন্ন কথাৰ বুজ ল’য় ৷

এই সময়য়ছোৱাত তেওঁলোকৰ বিভিন্ন প্ৰশ্নৰো উত্তৰ দি প্ৰশিক্ষণ কালত লাভ কৰা অমূল্য শিক্ষা জীৱনৰ পৰৱৰ্তী সময়ছোৱাত কামত লগোৱাৰ লগতে নিজ অন্তৰাত্মাৰ বাৰ্তামৰ্মে জীৱনৰ কৰ্মপথ বাচনি কৰি জীৱনযাত্ৰা আগবঢ়াই সমাজ তথা দেশৰ হকে নিষ্ঠাৰে কৰ্মপথত অগ্ৰসৰ হবলৈ পৰামৰ্শ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ৷

উক্ত অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে কেডেট সকলক মৰমৰ চিনস্বৰূপে এযোৰকৈ ট্ৰেকচ্যুট উপহাৰস্বৰূপে আগবঢ়ায় ৷

অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, এন চি চিৰ গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ দিনাৰ দীঘে, এন এছ এছৰ আঞ্চলিক সঞ্চালক দীপক কুমাৰ, ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক নিবেদন দাস পাটোৱাৰীৰ উপৰি শিক্ষা উপদেষ্টা ড° ননীগোপাল মহন্ত উপস্থিত থাকে ৷

Exit mobile version