IIT Guwahati : আই আই টি গুৱাহাটীত আৰম্ভ ৱাই টুৱেণ্টিৰ উদ্বোধনী সভা

WhatsApp Image 2023 02 07 at 5.40.51 PM

IIT Guwahati :
উত্তৰ গুৱাহাটীস্থ আইআইটি গুৱাহাটীৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত মঙলবাৰৰ পৰা আৰম্ভ হৈছে জি ২০ অফিচিয়েল গ্ৰুপৰ ৱাই টুৱেণ্টিৰ উদ্বোধনী অধিৱেশন ৷

যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব মিতা ৰাজীৱলোচনে জি ২০ দেশ সমূহৰ যুৱ প্ৰতিনিধি সমাৱেশত উপস্থিত সকলোকে আদৰণি জনায়।
উল্লেখ্য যে, অধিৱেশনৰ প্ৰথম পেনেলৰ আলোচনাৰ বিষয়বস্তু আছিল শান্তি নিৰ্মাণ আৰু মিলন : যুদ্ধ নথকাৰ যুগৰ সূচনা ‘ ৷ এই বৈঠকৰ আঁত ধৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ জ্যেষ্ঠ উপদেষ্টা কাঞ্চন গুপ্তাই।

আনহাতে বৈঠকত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বৈদেশিক দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী জেনেৰেল ভি কে সিং, সাংসদ তেজস্বী সূৰ্য্য, লেফটেনেণ্ট জেনেৰেল সতীশ দয়া, ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু এ ডি জিপি হীৰেন চন্দ্ৰ নাথে ।

আনহাতে বৈঠকত আলোচক হিচাপে অংশ লৈ প্ৰাক্তন আলফা নেতা বিপুল কলিতা আৰু প্ৰাক্তন এন ডি এফৰ বিদ্ৰোহী নেতা বিনুয়াল ৱাৰীয়ে বিদ্ৰোহী হোৱাৰ পৰা মূলসুঁতিত যোগদান কৰা আৰু ভাৰতৰ বৃদ্ধি আৰু উন্নয়নত অৰিহণা যোগোৱালৈকে তেওঁলোকৰ ব্যক্তিগত যাত্ৰাৰ বিষয়ে আলোকপাত কৰে ৷

Exit mobile version