Y20 Meeting:বাৰেৰহণীয়া সাংস্কৃতিক সন্ধিয়াৰ মাজেৰে গুৱাহাটীত হ’ল আৰম্ভ যুৱ ২০ সভা

WhatsApp Image 2023 02 07 at 11.07.33 AM

Y20 Meeting:

য়ুথ ২০ৰ আনুষ্ঠানিক ব্যস্ততা গোটৰ তত্ত্বাৱধানত ছয় ফেব্ৰুৱাৰীৰ পৰা জি-২০ৰ দেশৰ ২৫০ প্ৰতিনিধিৰ উপস্থিতিত গুৱাহাটীত আৰম্ভ হ’ল ৱাই ২০ ৰ সভা ৷

সোমবাৰৰ পৰা আৰম্ভ হোৱা তিনিদিনীয়া ৱাই২০ৰ বৈঠকত পাঁচটা বিষয়ৰ ওপৰত বিভিন্ন পেনেলত আলোচনা অনুষ্ঠিত হ’ব আৰু বৈঠকৰ অন্তিম দিনটোত শ্বেতপত্ৰ আৰম্ভ কৰা হ’ব।

উল্লেখ্য যে , বহি:ৰাষ্ট্ৰৰ পৰা প্ৰতিনিধিসকলক ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ বালিচৰ দ্বীপত জনোৱা হৈছিল উষ্ম আদৰণি ৷ তাৰ পিছত বিভিন্ন শিল্পীৰ বাৰেৰহণীয়া সাংস্কৃতিক প্ৰদৰ্শনে সন্ধিয়াটো জীপাল কৰি তোলে ৷

ইয়াৰ পূৰ্বে প্ৰতিনিধি আৰু কেন্দ্ৰীয় ক্ৰীড়া ৰাজ্যিক মন্ত্ৰী নিশিথ প্ৰমানিকক লাচিত ঘাটৰ পৰা ফেৰীৰে লৈ যোৱা হয় ব্ৰহ্মপুত্ৰৰ মাজৰ বালিময় দ্বীপলৈ ৷
ফেৰিৰ পৰা নমাৰ লগে লগে কেন্দ্ৰীয় মন্ত্ৰী প্ৰমাণিক আৰু Y20 প্ৰতিনিধি সকলক পৰম্পৰাগত গায়ন বায়ন আৰু অন্যান্য লোক শিল্পীসকলে আদৰণি জনাইছিল।

মনকৰিবলগীয়া যে ,বালিময় দ্বীপটোত প্ৰতীকি ৰূপত জনগোষ্ঠীয় গাওঁ প্ৰদৰ্শন কৰা হৈছিল ৷ য’ত বড়ো, মিচিং, তিৱা, কাৰ্বি, দেউৰী আদিকে ধৰি ৰাজ্যৰ ১০ টা জনজাতি প্ৰদৰ্শন কৰা হৈছিল।

প্ৰতিটো জনজাতিয়ে তেওঁলোকৰ পৰম্পৰাগত ঘৰ, তেওঁলোকৰ পাকঘৰ, খাদ্য, সংস্কৃতি আৰু তেওঁলোকৰ জীৱন ধাৰণৰ পদ্ধতি প্ৰদৰ্শন কৰিছিল।

একেদৰে কিছুমান জনজাতিয়ে পাট আৰু মুগা পলুৰ পৰা ৰেচম প্ৰতিপালনৰ পদ্ধতি প্ৰদৰ্শন কৰে প্ৰতীকি ৰূপত ৷

আনহাতে সন্ধিয়া জনপ্ৰিয় কন্ঠশিল্পী জুবলী বৰুৱা আৰু বিহুৰ প্ৰদৰ্শনে সন্ধিয়াটো অধিক মনোমোহা কৰি তোলে ৷ অনুষ্ঠানটোৰ মুল আকৰ্ষণ বলীউডৰ জনপ্ৰিয় গায়ক অংগৰাগ পাপনৰ শাস্ত্ৰীয় আৰু আধুনিক গীতৰ নিখুঁত মিশ্ৰণে সকলোকে অসমীয়া লোক সংগীতৰ তালে তালে নৃত্য কৰিবলৈ বাধ্য কৰায় ।

Exit mobile version