Sidharth – Kiara Wedding : বিয়াৰ পাছত কি পৰিকল্পনা বলিউডৰ জনপ্ৰিয় নৱদম্পতিৰ !

1675793484 marriage sidd 1

Sidharth – Kiara Wedding :

বিবাহপাশত আৱদ্ধ হ’ল বলিউডৰ জনপ্ৰিয় যুগল সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ । অনান্য বলীউডৰ তাৰকাৰ দৰে তেওঁলোকেও নিজৰ বিবাহক লৈ বহু গোপনীয়তা বজাই ৰাখে। কাৰণ বিয়াৰ ফটো কোনো ধৰণেই যাতে সংবাদ মাধ্যমৰ আগত প্ৰকাশ নাপায় ।

মঙলবাৰে নিশা প্ৰায় ১০:৩০ বজাত ইনষ্টাগ্ৰামত বিয়াৰ ছবি পোষ্ট কৰে সিদ্ধাৰ্থ-কিয়াৰাই । পাঁচ ফেব্ৰুৱাৰীত সমগ্ৰ পৰিয়ালটোৰ স’তে ৰাজস্থানত উপস্থিত হয় কিয়াৰা। ইয়াৰ পাছত আহিল সিদ্ধাৰ্থ আৰু তেওঁৰ পৰিয়াল

আজি দিল্লীলৈ ৰাওনা হ’ব সিদ্ধাৰ্থ আৰু কিয়াৰা সিদ্ধাৰ্থ দিল্লীৰ ল’ৰা। তাতেই তেওঁৰ মূল ঘৰ । বিয়াৰ পাছত শহুৰেকৰ ঘৰত কেবাটাও অনুষ্ঠান আছে কিয়াৰাৰ ।

ইয়াৰ বাহিৰেও ন তাৰিখে দিল্লীত তেওঁলোকৰ অভ্যৰ্থনা অনুষ্ঠান। চলচ্চিত্ৰ জগতৰ বন্ধু-বান্ধৱীৰ বাবেও মুম্বাইত এক অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছে অভিনেতা যুগলে ।

১২ ফেব্ৰুৱাৰীত মুম্বাইৰ পাঁচ তাৰকাযুক্ত ছেইণ্ট ৰেজিছ হোটেলত ছিদ-কিয়াৰাই এক বৃহৎ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে।

কেৱল ছিদ-কিয়াৰা নহয়, বলীউডৰ বহু তাৰকা এই পাঁচ তাৰকাযুক্ত হোটেলখনৰ প্ৰিয়ৰ তালিকাত আছে। এই হোটেলখনৰ নিৰাপত্তা আৰু পৰিচালনাৰ বাবে এই হোটেলখন সকলোৱে পছন্দ ।

Exit mobile version