Massive Lay off In Walt Disney : জুমৰ পাছত এইবাৰ ছাটাইৰ অভিযানত নামিল ডিজনি

1675921436 disney

Massive Lay off In Walt Disney :

টুইটাৰে আৰম্ভ কৰা কৰ্মচাৰী ছাটাইৰ অভিযানৰ পাছত , মাইক্ৰছফ্ট আৰু গুগলৰ পদাংক অনুসৰণ কৰি, জুম কোম্পানীয়ে বুধবাৰে ছাঁটাইৰ কথা ঘোষণা কৰে।

এই তালিকাত এইবাৰ নতুন সংযোজন হৈছে ডিজনী। ডিজনীৰ মুখ্য কাৰ্যবাহী বিষয়া বব আইগাৰে সাত হেজাৰ কৰ্মচাৰীক তেওঁলোকৰ পদৰ পৰা আঁতৰাবলৈ সিদ্ধান্ত লয়।

২০২১ চনৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি, সেই বছৰৰ দুই অক্টোবৰলৈকে প্ৰায় দুই লাখ শ্ৰমিক নিযুক্ত আছিল।তেওঁলোকৰ ৮০% শতাংশ কোম্পানীৰ পূৰ্ণকালীন কৰ্মচাৰী। কিন্তু ইয়াৰ মাজতে, মুখ্য কাৰ্যবাহী বিষয়াই কৰ্মচাৰীসকলক ছাটাই কৰাৰ সিদ্ধান্ত লয়।

যোৱা তিনি মাহৰ তুলনাত, ডিজনীৰ ব্যৱহাৰকাৰীৰ সংখ্যাও এক শতাংশ হ্ৰাস পাইছে। ষ্টক বিশেষজ্ঞসকলে অনুমান কৰিছিল যে ডিজনীৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাব পাৰে।

অৱশ্যে, তেওঁলোকৰ ভৱিষ্যতবাণী ভুল প্ৰমাণিত হৈছে। ডিজনীৰ শ্বেয়াৰৰ মূল্য আঠ শতাংশ বৃদ্ধি পাইছে। ডিজনীয়ে যোৱা তিনিমাহৰ বাবে ইয়াৰ উপাৰ্জন ঘোষণা কৰাৰ পাছত, ববে জনাই যে ছাটাইৰ দৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত খৰখেদাকৈ লোৱা নহয়।

কৰ্মচাৰীসকল উদেশ্যে কৰি ববয়ে কয়,”ইমান দিন ধৰি এই সংগঠনটোৰ স’তে জড়িত থকা কৰ্মচাৰীসকলৰ প্ৰদৰ্শনক মই সন্মান জনাইছো। ”

Exit mobile version