Ulfa (I) Press Release : আলফা স্বাধীনৰ শোকবার্তা

উদয় অসমক অমৰ মৃতক ঘোষণা

20230209 191448 scaled

Ulfa (I) Press Release :

আলফা স্বাধীনৰ শোকবার্তা, উদয় অসমক অমৰ মৃতক ঘোষণা। বুৰঞ্জীৰ এক অমোঘ নিয়ম ‘পুৰণিৰ ধ্বংসৰ মাজতেই নতুনৰ সৃষ্টি; পুৰণিয়ে নতুনক বাট এৰি দিবলৈ বাধ্য’। বুৰঞ্জীপ্ৰসিদ্ধ চিৰ-স্বাধীন অসমত দখলদাৰী ভাৰতৰাষ্ট্ৰৰ ঔপনিৱেশিক শাসন-শোষণ, দমন-উৎপীড়ন তথা পাশৱিক অত্যাচাৰৰ পৰা থলগিৰি অসমবাসীক মুক্তি দিয়াৰ উদ্দেশ্যেৰে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনৰ নেতৃত্বত আগবঢ়া অসমৰ হৃত স্বাধীনতা পুনঃপ্ৰতিষ্ঠাৰ “সন্মিলিত সশস্ত্র জাতীয় মুক্তি বিপ্লৱ”ৰ বীজ অঙ্কুৰিত হৈছিল অভিভক্ত শিৱসাগৰ জিলাৰ উত্তম লাহন ওৰফে হয় লেঃ উদয় অসম [সৈনিক নংঃ- ২০,৫৭০, পিতৃৰ নামঃ- মৃত পদুম লাহন, মাতৃৰ নামঃ শ্ৰীযুতা গণীতা লাহন, গাঁওঃ- পুৰণি জৱকা গাঁও, ডাকঘৰঃ- ঔগুৰি চিয়াম, থানাঃ- সোণাৰি, জিলাঃ চৰাইদেউ, জন্ম তাৰিখঃ ০২/১১/১৯৮৯ প্ৰশিক্ষণৰ চনঃ- ০১/০৩/২০১৪]ৰ বুকুত ।

বিগত সময়ত তেখেতৰ ওপৰত সংগঠনে ন্যস্ত কৰা প্ৰতিটো কাৰ্য্য নিষ্ঠাসহকাৰে সমাপন কৰি সংগঠনটোক আগুৱাই যোৱাত উল্লেখনীয় ভূমিকা পালন কৰিছিল। তেনে এক সাংগঠনিক কাৰ্য্যৰ বাবে তেখেতে জননীৰ বুকুলৈ নামি গৈ যোৱা ইংৰাজী ৮/০২/২০২৩ তাৰিখে আবেলি শত্ৰুৰ জালত ভৰি দিয়ে ।

প্রকৃত বিপ্লৱীৰ বাবে আত্মসমৰ্পনতকৈ ডাঙৰ গ্লানি একো থাকিব নোৱাৰে। এই বাক্যশাৰী সৰোগত কৰি তেনে গ্লানিৰ ওচৰত শিৰনত নকৰাৰ পৰিপ্ৰেক্ষিতত পূর্বপৰিকল্পিতভাৱে শত্রুপক্ষই সিদিনাৰ নিশাই তেখেতক শূণ্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে । তেখেতৰ অনাকাংক্ষিত মৃত্যুত আমি “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ অতল সমবেদনা জ্ঞাপন কৰিছোঁ ।

২য় লেঃ উদয় অসম ওৰফে উত্তম লাহন “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনৰ এগৰাকী প্ৰকৃত দেশপ্রেমিক, অত্যন্ত সাহসী, নিয়মানুবর্তীতা, নিষ্ঠাবান আৰু সদা সচেতন সেনানী আছিল। অসমৰ হৃত স্বাধীনতা পুনঃপ্ৰতিষ্ঠাৰ সন্মিলিত জাতীয় মুক্তি বিপ্লৱখনৰ তেজে ধোৱা পথত তেখেতৰ অৱদান আৰু আত্মত্যাগে নতুন প্ৰজন্মৰ সংগ্ৰামী সতীৰ্থক যুগে যুগে অনুপ্ৰাণিত কৰিব।

তেখেতৰ এই অনবদ্য অৱদানৰ বাবে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ তৰফৰ পৰা ‘লেফটেনেণ্ট [মৰণোত্তৰ] উদয় অসম’ক “অমৰ মৃতক” ঘোষণা কৰা হ’ল ৷

এক প্ৰেছ বিবৃতি এই ঘোষণা কৰে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ নিম্ন পৰিষদৰ সাধাৰণ সম্পাদক ব্রিগেদিয়াৰ অৰুণোদয় অসমে ৷

Exit mobile version