Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Unani Day  : ইউনানী দিৱসত ‘জনস্বাস্থ্যৰ বাবে ইউনানী ঔষধ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধন কেন্দ্ৰীয় আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালৰ

publisher by publisher
February 11, 2023
in Assam, News
Reading Time: 2 mins read
0
Unani Day  : ইউনানী দিৱসত ‘জনস্বাস্থ্যৰ বাবে ইউনানী ঔষধ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধন কেন্দ্ৰীয় আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালৰ
1
SHARES
8
VIEWS
ShareShareShareShare

Unani Day :

836d2923 0e3e 4836 b976 658fd3dd540d 1ইউনানী দিৱস উদযাপনৰ অংশ হিচাপে শনিবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত কেন্দ্ৰীয় আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে জনস্বাস্থ্যৰ বাবে ইউনানী ঔষধ শীৰ্ষক এখন আন্ত:ৰাষ্ট্ৰীয় সন্মিলনৰ শুভ উদ্বোধন কৰে।

ADVERTISEMENT

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশত পৰম্পৰাগত ঔষধি পদ্ধতিক শক্তিশালী কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি কয়, এইবাৰৰ কেন্দ্ৰীয় বাজেটত আয়ুষ মন্ত্ৰালয়ৰ বাবে যোৱা বছৰৰ তুলনাত ২০ শতাংশ পুঁজি আবণ্টন বৃদ্ধি কৰা হৈছে।

RelatedPosts

চুতীয়া জনগোষ্ঠীৰ বৰ্ণাঢ্য বুৰঞ্জীয়ে অসম বুৰঞ্জীৰ শোভাবৰ্ধন কৰিছে ” : সোণোৱাল

P.T.Usha And Sarbananda Sonowal :যশস্বী দৌৰবিদ পিটি ঊষাৰ স’তে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৫৬তম বিশ্ববিদ্যালয় সপ্তাহৰ শুভাৰম্ভণি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

Union Minister Sarbananda Sonowal:মন্ত্রী সর্বানন্দ সোণোৱালে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ অসংসদীয় আচৰণক কৰে তীব্র সমালোচনা

সোণোৱালে আৰু কয়, “আয়ুষ মন্ত্ৰালয়ে স্বাস্থ্য ব্যৱস্থাত মানসম্পন্ন ঔষধ, অন্যান্য সামগ্রী, উপযুক্ত চিকিৎসা পদ্ধতি, চিকিৎসকৰ নিয়োজন আৰু গৱেষণাৰ একত্ৰিকৰণৰ জৰিয়তে ৰাজহুৱা স্বাস্থ্য সেৱা প্ৰণালীত ইউনানী ঔষধ পদ্ধতিৰ প্ৰসাৰ কৰি আছে। আমি ভাৰতত ধলুৱা ঔষধ প্ৰণালীৰ উত্তৰণত বিশেষ গুৰুত্ব প্ৰদান কৰি আছোঁ।

প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আমাৰ লক্ষ্য হৈছে জীৱনৰ মান সমৃদ্ধ কৰাৰ বাবে আৰু ব্যয়সন্মত সামগ্ৰিক ৰোগী যত্ন প্ৰণালী সক্ষম কৰাৰ বাবে আমাৰ পৰম্পৰাগত ঔষধি পদ্ধতিৰ সমৃদ্ধ ঐতিহ্যক শক্তিশালী কৰা। আয়ুষৰ জৰিয়তে এক শক্তিশালী স্বাস্থ্য সেৱা ব্যৱস্থা গঢ়ি তোলাৰ বাবে মোদী ডাঙৰীয়াৰ দৃষ্টিভংগী অনুসৰি এইবাৰৰ কেন্দ্ৰীয় বাজেটত আয়ুষ বাজেট ২০% বৃদ্ধি হোৱাৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনতো ৫০% বৃদ্ধি হৈছে।”

উল্লেখযোগ্য যে, প্রতি বছৰে ১১ ফেব্ৰুৱাৰীত হাকিম আজমল ধানৰ জন্ম দিৱসৰ সৈতে সংগতি ৰাখি দেশজুৰি ইউনানী দিৱস উদযাপন কৰি অহা হৈছে। তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সৰ্বানন্দ সোণোৱালে কয় যে, হাকিম আজমল খান মানৱীয় প্ৰমূল্যবোধ, বহুমুখী প্রতিভা, স্পষ্টবাদিতা, সততা-নিষ্ঠা আৰু পেছাদাৰী দক্ষতাৰ প্ৰতীক।

তদুপৰি, সৰ্বানন্দ সোণোৱালে আৰু কয়, প্রধানমন্ত্রীৰ নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত আয়ুষৰ ক্ষেত্ৰত বিনিয়োগ আৰু উদ্ভাৱনৰ বিভিন্ন সম্ভাৱনা এতিয়া সীমাহীন প্ৰমাণিত হৈছে। যোৱা বছৰ গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত হোৱা গোলকীয় আয়ুষ বিনিয়োগ আৰু উদ্ভাৱন সন্মিলনৰ অভূতপূর্ব সফলতা ইয়াৰেই এক প্রমাণ।

আয়ুষ খণ্ডত বিনিয়োগ বৃদ্ধি কৰা আৰু চৰকাৰী নীতিসমূহক বাস্তৱায়িত কৰাৰ বাবে এক সক্ষম পৰিকাঠামো বিকশিত কৰাত এই সম্মিলন সহায়ক হৈ আহিছে। সাম্ভাব্য বিনিয়োগকাৰীৰ লগতে উদ্ভাৱকসকলে এতিয়া আয়ুষে আগবঢ়োৱা উন্নত স্বাস্থ্য সেৱা আৰু অন্যান্য সুবিধাবোৰৰ বিষয়ে গভীৰভাৱে উপলব্ধি কৰিব পাৰিছে।

আয়ুষ খণ্ডত এতিয়া যুৱ শক্তিৰ সামৰ্থ্য, সংস্থাপন আৰু অন্যান্যসকলৰো দক্ষতা বৃদ্ধিত গুৰুত্ব দিয়া হৈছে। ইউনানী ঔষধলৈ উন্নত আৰু গুণগত মান অনাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই আমাৰ মন্ত্ৰালয়ৰ সহযোগত ইউনানী ঔষধ প্রণালী সংক্রান্তীয় প্রশিক্ষণ আৰু অনুশীলনৰ বাবে সংস্থাৰ মান প্ৰকাশ কৰিছে।

শেহতীয়াকৈ, ইউনানী ঔষধৰ সন্দৰ্ভত আন্তৰ্জাতিক মানৰ পৰিভাষাও মুকলি কৰা হৈছে। ইউনানী ঔষধকে ধৰি আমাৰ বিভিন্ন ভাৰতীয় পৰম্পৰাগত চিকিৎসা প্ৰণালীৰ গ্ৰহণযোগ্যতা এই প্ৰণালীবোৰৰ মৌলিক তত্ত্ব আৰু ইয়াৰ শক্তি-সম্ভাৱনাৰ সঠিক বৈজ্ঞানিক ব্যাখ্যাৰ ওপৰত নিৰ্ভৰ কৰিব ।

মই এই সুযোগতে ইউনানী ঔষধ আৰু অন্যান্য ভাৰতীয় ঔষধ তথা চিকিৎসা প্ৰণালীৰ গৱেষকসকলক বৈজ্ঞানিক ভিত্তি শক্তিশালী কৰাৰ বাবে সমৰ্পিতভাৱে কাম কৰিবলৈ অনুৰোধ জনাইছোঁ।”

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেপ ৰিজিজুৱে কয়, “ইউনানী হৈছে ভাৰতৰ সমৃদ্ধ পৰম্পৰাগত ঔষধ ব্যৱস্থাৰ এক উদাহৰণ। মহান ইউনানী পণ্ডিত হাকিম আজমল খানলৈ আজি তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাইছোঁ।

জনস্বাস্থ্যৰ বাবে ইউনানী ঔষধ সংক্রান্তীয় দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনত অংশগ্ৰহণ কৰি মই আনন্দিত হৈছোঁ। আমাৰ সমৃদ্ধ পৰম্পৰাগত ঔষধি পদ্ধতিয়ে আমাক বহনক্ষম স্বাস্থ্য সেৱাৰ সমাধান প্ৰদান কৰিব পাৰে, যিয়ে দেশত মানৱ জীৱনৰ সমৃদ্ধিত অৰিহণা যোগাব।”

আনহাতে, কেন্দ্ৰীয় আয়ুস দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডাঃ মুঞ্জপাৰা মহেন্দ্ৰভায়ে তেওঁৰ ভাষণত কয় যে, ইউনানী ঔষধ প্রণালীয়ে সুস্বাস্থ্য অটুট ৰাখিবলৈ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত স্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে বিতং নির্দেশনা প্ৰদান কৰে। তেওঁ লগতে কয় যে, আয়ুষ প্ৰণালী হৈছে স্বাস্থ্য সেৱা আৰু জীৱনৰ কল্যাণৰ সোণালী চাবিকাঠী। ভাৰত হৈছে পৰম্পৰাগত ঔষধৰ আটাইতকৈ শক্তিশালী কেন্দ্ৰ, যাৰ জৰিয়তে দেশত চিকিৎসা পর্যটনো বিকশিত হৈছে।

শেহতীয়াকৈ, আয়ুষ মন্ত্ৰালয়ে অসমৰ শিলচৰৰ আঞ্চলিক গৱেষণা কেন্দ্ৰটো ৪৭.৮৮ কোটি টকা ব্যয়সাপেক্ষে ইউনানী ঔষধৰ আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান হিচাপে উন্নীত কৰিছে, যাৰ বাবে এটা নতুন অত্যাধুনিক ভৱনো নিৰ্মাণ কৰা হৈছে। তদুপৰি চেন্নাইতো ইউনানী ঔষধৰ আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানক ১৪.৩৩ কোটি টাকা বায়েৰে উন্নীত কৰা হৈছে ।

তথ্য-প্ৰযুক্তিৰ শেহতীয়া অগ্ৰগতিৰ সৈতে তাল মিলাবলৈ ইউনানী ঔষধৰ কেন্দ্ৰীয় গৱেষণা পৰিষদে ইউনানী ঔষধ, স্বাস্থ্য সেৱা প্রণালী তথা যাৱতীয় নীতি-নির্দেশনা সম্বলিত মোবাইল এপ্ বিকশিত আৰু মুকলি কৰিছে। তদুপৰি, ইউনানী ঔষধৰ উমৈহতীয়া প্ৰতিকাৰ সম্বন্ধীয় আন এটা মোবাইল এপো আজি মুকলি কৰা হয়।

অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ অনিল আগৰৱাল, আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচা, আয়ুষ মন্ত্ৰালয়ৰ বিশেষ সচিব প্ৰমোদ কুমাৰ পাঠক, ইউনানী ঔষধৰ কেন্দ্ৰীয় গৱেষণা পৰিষদৰ সঞ্চালক প্রধান অধ্যাপক অসীম আলী খান, আয়ুষ মন্ত্ৰালয়ৰ উপদেষ্টা (ইউনানী) এম এ কাছমী প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Sarbananda SonowalUnani Day
publisher

publisher

Related Posts

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল
News

June 7, 2025
Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী
News

Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

June 7, 2025
Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
News

Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

June 7, 2025
Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ
News

Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

June 7, 2025
Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ
Assam

Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

June 7, 2025
Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক
News

Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

June 7, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d