Road Block : ভাওঁৰাগুৰীত ভাওঁৰাগুৰী-কোকৰাঝাৰ গড়কাপ্তানী পথ অৱৰোধ কৰি ৰাইজৰ প্ৰতিবাদ

পথছোৱা অতি সোনকালে নিৰ্মাণ নকৰিলে ভয়াবহ আন্দোলনৰ হুংকাৰ ৰাইজৰ

WhatsApp Image 2023 02 14 at 18.28.53

Road Block :

গোসাইগাও মহকুমাৰ ভাওঁৰাগুৰীত আজি ভাওঁৰাগুৰী কোকৰাঝাৰ গড়কাপ্তানী পথ অৱৰোধ কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাইজৰ অভিযোগ মতে পথছোৱা তিনিবছৰ ধৰি নিৰ্মাণ কৰি আছে যদিও আজিলৈকে কেৱল পথছোৱাত শিল-বালিহে পেলাই ৰাখিছে।

যাৰ ফলত প্ৰতিদিনে শ-শ যান বাহন চলাচল কৰাত পথছোৱাত পুখুৰী সাদৃশ গাতৰ সৃষ্টি হোৱাত ৰাইজে চলাচল কৰাত যমৰ যাতনা ভুগিবলগীয়া হৈছে।

গাড়ী চলাচল কৰাৰ সময়ত পথত থকা শিলবোৰ ছিটিকি পৰি পথৰ কাষত থকা দোকান সমূহৰ গ্লাছ ভঙাৰ লগতে যথেষ্ট ক্ষতি সাধন হৈছে আৰু বহুতো লোক দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হবলগীয়া হৈছে।

আজি ক্ষোভিত ৰাইজে পথছোৱা অৱৰোধ কৰি আমাৰ দাবী ন্যাৰ্য দাবী, আমাৰ দাবী মানিবই লাগিব,আমাৰ ৰাস্তা সোনকালে নিৰ্মাণ কৰক আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে।

ৰাইজে পথছোৱা অতি সোনকালে নিৰ্মাণ কৰিবলৈ উপায়ুক্তৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।

Exit mobile version