Pathsala :পাঠশালাত কৰুণ ঘটনা !

ছাত্ৰী নিৱাসৰ চাদত কাপোৰ মেলিবলৈ গৈ ভৰি পিচলি তলত সৰি পৰিল ছাত্ৰী , থিতাতে মৃত্যু মেধাৱী ছাত্ৰী হৃষিতা দাসৰ

604ca4c5 046b 4747 830d 6c2fba7d429b

Pathsala:

বৃহস্পতিবাৰে পাঠশালাত সংঘটিত হোৱা এক শোকাৱহ ঘটনাই মিয়ম্ৰাণ কৰি তুলিছে শিক্ষা নগৰী খনত ৷ ছাত্ৰী নিৱাসৰ চাদত কাপোৰ মেলিবলৈ যাওতেই অসাৱধানবশতঃ ভৰি পিচলি তললৈ সৰি পৰাত থিতাতে মৃত্যু ঘটে এগৰাকী মেধাবী ছাত্ৰীৰ ৷
চাদৰ ওপৰৰ পৰা তললৈ সৰি কৰুণ মৃত্যুক সাৱটি লোৱা মেধাৱী ছাত্ৰী গৰাকী উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী হৃষিতা দাস বুলি চিনাক্ত কৰা হৈছে ৷

পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষত অধ্যয়ন কৰি থকা ছাত্ৰ গৰাকীৰ ঘৰ বজালীৰ বাঘমাৰাত বুলি জানিব পৰা গৈছে ৷

পাঠশালাত কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষত অধ্যয়ন কৰি আছিল হৃষিতাই । মেধাৱী ছাত্ৰ গৰাকীৰ শোকাৱহ মৃত্যুত শোকাহত হৈ উঠিছে পৰিয়াল বৰ্গ সহ নিজে অধ্যয়ন কৰা শিক্ষানুষ্ঠান খনৰ শিক্ষক- শিক্ষয়িত্ৰী সহ ছাত্ৰ-ছাত্ৰী ৷

Exit mobile version