West Karbianglong Fire:পশ্চিম কাৰ্বি আংলংৰ সাপ্তাহিক বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

জুইত জাহ গ'ল ১৯০ খনৰো অধিক দোকান

WhatsApp Image 2023 02 17 at 13.58.15

West Karbianglong Fire:

পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলংৰ উমছোৱাই সাপ্তাহিক বজাৰত বৃহস্পতিবাৰে সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ৷
অগ্নিকাণ্ডত বজাৰ খনৰ সৰু- বৰ প্ৰায় ১৯০ খন দোকান জুইত জাহ যায় ৷

বজাৰখনৰ প্ৰায় ৮০ শতাংশ সম্পত্তিয়েই ভস্মীভূত হয় বুলি । ১৯৫২ চনতে স্থাপন কৰা জিলা খনৰ অতি পুৰণি সাপ্তাহিক বজাৰ খন জুইত ভস্মীভূত হোৱাত বহু ক্ষুদ্ৰ ব্যৱসায়ী সৰ্বস্বান্ত হয় ৷ জুইৰ সূত্ৰপাত ক’ৰ পৰা হ’ল এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

উল্লেখ্য যে অগ্নিকাণ্ডৰ সংঘটিত হোৱাৰ পাছত অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয় যদিও বহু পলমকৈহে ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ কৰে ভূক্তভোগী দোকানীয়ে ৷ ইতিমধ্যে জুইয়ে এফালৰ পৰা বজাৰৰ সকলো দোকান গ্ৰাস কৰে ৷

আনহাতে অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা দোকানসমূহৰ পুনৰ মেৰামতি কৰি দিবলৈ সৰ্বস্বান্ত দোকানী সকলে ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদক আহ্বান জনাইছে ।

Exit mobile version