Meta : ফে’চবুক, ইনষ্টাগ্রাম ব্যৱহাৰৰ বাবদো ভৰিব লাগিব ধন

delete instgram today main 180810

July 27, 2018 - UK - File photo dated 03/01/18 of social media app icons. The Royal Society for Public Health (RSPH) is calling on people to stop using platforms such as Facebook, Instagram, Twitter and Snapchat in September, or to cut down the amount of time they spend on them. (Credit Image: © Yui Mok/PA Wire via ZUMA Press)

Meta :

টুইটাৰৰ পথতে অগ্ৰসৰ হ’ল মেটা। সূচনাৰ সময়ত ফে’চবুক সকলোৱে বিনামূল্যে ব্যৱহাৰ কৰিব পাৰিব বুলি প্ৰতিশ্ৰুতি দিছিল প্রতিষ্ঠাপক মার্ক জুকাৰবাৰ্গে।

কিন্তু এই প্ৰতিশ্ৰুতিৰ ম্যাদ এতিয়া উকলাৰ পথত। ফে’চবুক আৰু ইনষ্টাগ্ৰামত এইবাৰ ‘পেইড প্রিমিয়াম ছাবস্ক্রিপচন’ ব্যৱস্থা প্ৰৱৰ্তন কৰিব ইয়াৰ অভিভাৱক প্ৰতিষ্ঠান মেটাই। মেটাৰ মুখ্য কাৰ্যবাহী বিষয়া মার্ক জুকাৰবাৰ্গে জনোৱা অনুসৰি এই দুটা এপত শীঘ্ৰে উপলব্ধ হ’ব ‘মেটা ভেৰিফায়েড’ সেৱা।

ইয়াৰ অধীনত ফে’চবুক আৰু ইনষ্টাগ্ৰামৰ প্ৰফাইল আৰু পেইজসমূহত ভেৰিফিকেচনৰ ‘ব্লু টিক’ প্ৰদান কৰা হ’ব। অৱশ্যে বিনামূল্যে এই ‘ব্লু টিক’ উপলব্ধ নহ’ব৷

ইয়াৰ বাবে প্ৰতিমাহে একাউণ্ট ধাৰকে ব্যয় কৰিব লাগিব ১১.৯৯ ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ১,০০০ টকা। অৱশ্যে এতিয়াই ভাৰতত এই ব্যৱস্থা প্রযোজ্য কৰা নহ’ব৷ প্ৰথমতে নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াত ইয়াৰ পাছত আমেৰিকাসহ অন্যান্য দেশত মেটাই এই ব্যৱস্থা আৰম্ভ কৰিব।

Exit mobile version