China : জনসংখ্যা হ্ৰাসত উদ্বিগ্ন চীন চৰকাৰে দম্পতীক দিব এমাহৰ বেতনসহ ছুটী

1200x 1

China :

চীনে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি দেশখনৰ জনসংখ্যা যোৱা বছৰত ৮.৫ লাখ হ্রাস পালে। ১৯৬০ বৰ্ষৰ পাছত এয়ে প্ৰথমবাৰৰ বাবে চীনত সর্বাধিক সংখ্যক জনসংখ্যা অৱনমিত হ’ল।

জনসংখ্যা ধাৰাবাহিক অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্বিগ্ন চীন চৰকাৰে জন্মৰ হাৰ বৃদ্ধিৰ বাবে এক নতুন আঁচনি প্ৰস্তুত কৰিছে।

এই আঁচনিৰ অধীনত চীন চৰকাৰে নৱবিবাহিত দম্পতীক বেতনসহ ৩০ দিনৰ ছুটি প্ৰদানৰ কথা ঘোষণা কৰিছে। নৱবিবাহিত স্বামী-স্ত্রীয়ে যাতে পৰস্পৰৰ স’তে অধিক সময় অতিবাহিত কৰিব পাৰে আৰু জনসংখ্যা বৃদ্ধিত অৰিহণা যোগায়, তাক নিশ্চিত কৰিবলৈ জি জিনপিঙৰ চৰকাৰে এই নতুন আঁচনিখন প্ৰৱৰ্তনৰ কথা ঘোষণা কৰিলে।

যুৱ প্ৰজন্মক বিয়া কৰাই সন্তান লাভৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈ চৰকাৰে এই আঁচনি যুগুত কৰিছে। সম্প্রতি চীনৰ একাংশ প্ৰদেশত নৱবিবাহিতক ৩০ দিনৰ ছুটি প্ৰদানৰ বিপৰীতে আন একাংশ প্ৰদেশত ১০ দিনৰ ছুটি মঞ্জুৰ কৰা হৈছে।

নৱবিবাহিত দম্পতীয়ে সম্পূর্ণ বেতনসহ এই ছুটি ল’ব পাৰিব। উল্লেখ্য যে ১৯৮০ৰ পৰা ২০১৫ বৰ্ষলৈকে চীনত এক সন্তান নীতি প্রচলিত আছিল। কিন্তু জনসংখ্যা যথেষ্ট হ্রাস পোৱাত ২০১৫ত এই নীতি দেশখনে বাতিল কৰিছিল।

Exit mobile version