Assam Sanmilita Mahasangha :ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্টনিঅ’ গুটেৰেছলৈ মহাসংঘৰ স্মাৰক পত্ৰ প্ৰেৰণ

খিলঞ্জীয়াৰ চৰকাৰ গঠন কৰিবলৈ ৰাষ্ট্ৰসংঘৰ সহায় বিচাৰি আবেদন মহাসংঘৰ

WhatsApp Image 2023 02 27 at 19.53.12

Assam Sanmilita Mahasangha :

 অসম সন্মিলিত মহাসংঘই যোৱা ২৪ ফেব্ৰুৱাৰীত তিনিচুকীয়া জিলাৰ বৰমেছাইত অসম দেশে স্বাধীনতা হেৰুৱাৰ কৰুণ স্মৃতিত ‘খিলঞ্জীয়াৰ ক’লা দিৱস পালন কৰি ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্টনিঅ’ গুটেৰেছলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

স্মাৰক পত্ৰত অসমৰ হাজাৰ বছৰীয়া খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহ কেনেদৰে নিজৰ উপৰিপুৰুষৰ গৃহ ভূমিত বিদেশী-বহিৰাগতই ব্যাপক বেদখল কৰি ৰাজনৈতিক অধিকাৰ হস্তগত কৰাৰ ফলত শাসন ক্ষমতা আৰু আজন্ম অধিকাৰৰ পৰা বঞ্চিত হৈছে সেই কথা ব্যাখ্যা কৰে ।

ৰাজনৈতিক দল আৰু চৰকাৰে ভোট বেংকৰ স্বাৰ্থত বিদেশী-বহিৰাগত সকলক সকলো অধিকাৰ দি খিলঞ্জীয়া জনগোষ্ঠী সমূহক কেনেদৰে নিপীড়ণ কৰি আছে সেই কথা উল্লেখ কৰি ৰাষ্ট্ৰসংঘৰ এটি প্ৰতিনিধি দল অসমলৈ পঠিয়াই বাস্তৱ অৱস্থা সম্পৰ্কে তথ্য আহৰণৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায় ।

ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ উলংঘা কৰি খিলঞ্জীয়াৰ ভুমি বিদেশী-বহিৰাগতক হস্তান্তৰ কৰি খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অধিকাৰ কেনেদৰে কাঢ়ি নিছে সেই কথাও অৱগত কৰে ।

বৃটিছে ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত আভা(বৰ্তমান ম্যানমাৰ) ৰজাৰ প্ৰতিনিধিৰ সৈতে ইয়াণ্ডাবু সন্ধি সম্পাদিত কৰি অবৈধ ভাবে অসমত উপনিবেশ স্থাপন কৰাৰ কথা উল্লেখ কৰে ।

বৃটিছে উপনিবেশৰ চৰকাৰ চলাবলৈ অসমলৈ অনা বিদেশী কেৰাণী-মহৰী, ব্যৱসায়ী, খেতিয়ক, বনুৱাৰ জনসংখ্যা বৰ্তমান ১,৫০,০০০০০ বেছি হ’ল । এই বিদেশী লোকসকলৰ সম্পৰ্কে বৃটিছে কোনো ব্যৱস্থা নোলোৱা বাবেই সেই সকলক ভাৰতীয় নাগৰিকৰ মৰ্যাদা দিবলগীয়া হ’ল ।

এই মহান মানৱতা আৰু উদাৰতা পৃথিৱী ধ্বংস নোহোৱালৈকে কোনেও নস্যাৎ কৰিব নোৱাৰে । কিন্তু বৰ্তমানো চুবুৰীয়া বাংলাদেশ আৰু নেপাল দেশৰ পৰা অবাধ প্ৰৱজন অসমলৈ হৈ আছে । চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই ।

সেয়ে ৰাষ্ট্ৰসংঘই খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ অনুসৰি অসমত খিলঞ্জীয়াৰ নিজস্ব চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ সহায় কৰিব লাগে । লগতে বৃটিছ চৰকাৰৰ সৈতে অসমৰ অৱস্থা সম্পৰ্কে ৰাষ্ট্ৰসংঘক শীঘ্ৰে আলোচনা কৰিবলৈও অনুৰোধ জনায় স্মাৰক পত্ৰখনত ।

স্মাৰক পত্ৰত স্বাক্ষৰ কৰে অসম সন্মিলিত মহাসংঘৰ সভাপতি পেৰং চিৰি, কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান আৰু মহা সচিব পূৰ্ণানন্দ ৰাভাই । আজি তিনিচুকীয়াত মতিউৰ ৰহমানে পত্ৰখন ৰাজহুৱা কৰে ।

Exit mobile version