SEBA Affiliation To105 School Is Withdrawn :ৰাজ্যৰ ১০৫ খন বিদ্যালয়ৰ স্বীকৃতি বাতিল ছেবাৰ!

WhatsApp Image 2023 02 27 at 15.37.40

SEBA Affiliation To105 School Is Withdrawn :

অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই ৰাজ্যৰ ১০৫ খন বিদ্যালয়ৰ স্বীকৃতি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰে ৷ ছেৱাৰ এই নিৰ্দেশনা কাৰ্যকৰী হ’ব ৩১ মাৰ্চৰ পৰা ৷ নিৰ্দেশনাটোত স্পষ্ট কৰি দিয়া হয় যে নৱম শ্ৰেণীৰ পৰা নামভৰ্তি কৰিব নোৱাৰিব স্বীকৃতি বাতিল হোৱা ১০৫ খন বিদ্যালয়ে ৷

উল্লেখযোগ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উপযুপৰি বেয়া প্ৰদৰ্শন কৰাৰ বাবে ছেবাই লয় উল্লিখিত সিদ্ধান্ত ৷ মেট্ৰিকত ৰাজ্যৰ ২৯৪ খন বিদ্যালয় শূন্যৰ পৰা দহ শতাংশ ছাত্ৰ-ছাত্ৰীহে উত্তীৰ্ণ হৈছিল ৷ যাৰবাবে ক্ষুন্ন হৈ পৰিছিল ছেবা ৷ অতি নিম্ন প্ৰদৰ্শন কৰা বিদ্যালয়ৰ স্বীকৃতি কিয় বাতিল কৰা নহ’ব বুলি এক কাৰণ দৰ্শোৱা পত্ৰ প্ৰেৰণ কৰিছিল ২৯৪ খন বিদ্যালয়লৈ ৷

অৱশ্যে ইয়াৰে ১৮৭ খন বিদ্যালয়ে ২০২৩ ৰ মেট্ৰিক পৰীক্ষাত ভাল ফলাফলৰ প্ৰতিশ্ৰুতি দি পুনৰ এক শেষ সূযোগ দিয়াৰ আহ্বান জনায় ৷

কিন্ত ইয়াৰ বিপৰীতে ১০৫ খন বিদ্যালয়ে কাৰণ দৰ্শোৱাৰ জাননীক গুৰুত্ব নিদিয়াত ছেবাই তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ স্বীকৃতি বাতিল কৰে ৷

মনকৰিবলগীয়া যে , উল্লিখিত বিদ্যালয় সমূহ ব্যক্তিগত আৰু ভেন্সাৰ স্কুল ৷

Exit mobile version