Cabinet Meeting In Janata Bhawan:জনতা ভৱনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত অসম কেবিনেটৰ বৈঠক

WhatsApp Image 2023 02 28 at 15.20.28

Cabinet Meeting In Janata Bhawan:

জনতা ভৱনত আজি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত অসম কেবিনেটৰ বৈঠকত লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাজ্যৰ প্ৰগতি আৰু উন্নয়নৰ বাটত সহায়ক হোৱাকৈ আজিৰ কেবিনেটত চাহ বাগিচা অঞ্চলত যুৱ দক্ষতা বৃদ্ধি আৰু ‘আপোন ঘৰ’ আঁচনিৰ অধীনত ধন আবণ্টন আৰু ভূমি সংৰক্ষণ সেৱা নীতিৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অসম চৰকাৰৰ কেবিনেট বৈঠক গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত চাহ বাগিচাত যুৱ দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে ‘মহাপ্রভু জগন্নাথ সামূহিক ভৱন তথা দক্ষতা কেন্দ্র’ আঁচনিৰ প্ৰথম পৰ্যায়ৰ অধীনত চাহ বাগিচাত ৫০০টা জগন্নাথ সামূহিক ভৱন তথা দক্ষতা কেন্দ্ৰ নিৰ্মাণৰ বাবে ৭৫০ কোটি টকা আৱন্টন

আনহাতে পর্যায়ক্রমে সকলো চাহ বাগিচা সামৰি সমগ্ৰ ৰাজ্যৰ চাহ বাগিচা এলেকাৰ নিৰ্ধাৰিত স্থানত কেন্দ্ৰসমূহ নিৰ্মাণ কৰা হ’ব ৷

এই প্রকল্পই বিভিন্ন সাংস্কৃতিক আৰু সম্প্রদায়ৰ প্ৰয়োজনীয়তাৰ দিশত প্ৰতিখন চাহ বাগিচাৰ লগতে সামূহিক কেন্দ্ৰসমূহত দক্ষতাৰ সুবিধা প্ৰদান কৰি চাহ বাগিচা সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া প্রয়োজনীয়তা পূৰ্ণ কৰিব ৷

আনহাতে আন এক সিদ্ধান্তক্ৰমে ৰাজ্যিক কৰ্মচাৰীৰ আপোন ঘৰ’ আঁচনিৰ অধীনত ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে সুত সাহায্যৰ প্ৰয়োজনীয়তা পূৰ্ণৰ হেতু ১০৪.৫৭ কোটি টকা অনুমোদন ৷ এই অনুমোদনে ৰাজ্যিক কৰ্মচাৰীসকলক গৃহ ঋণ লাভত সহায় কৰিব ৷

উল্লেখ্য যে , ইতিমধ্যে ৰাজ্যৰ ৩৬,১৫৯গৰাকী কৰ্মচাৰীয়ে বৰ্তমানলৈ ‘আপোন ঘৰ আঁচনিৰ অধীনত সুবিধা লাভ কৰিছে ৷

ভূমি সংৰক্ষণ সেৱা নীতিৰ ক্ষেত্ৰত কেবিনেটে ভূমি সংৰক্ষণ বিভাগত প্রশাসন ব্যবস্থা সুশৃংখলিত কৰাৰ লক্ষ্যৰে অসম ভূমি সংৰক্ষণ সেৱা নীতি, ২০২৩৩ অনুমোদন জনায় ৷ এই ব্যৱস্থাই বিভাগটোৰ বিভিন্ন কেডাৰ (গেজেটেড)ৰ পদোন্নতি আৰু নিযুক্তিৰ ক্ষেত্ৰত নীতি নিৰ্ধাৰণ কৰিব ৷

একেদৰে এই পদক্ষেপে কৰ্মচাৰীসকলক প্ৰেৰণা যোগোৱাৰ লগতে সেৱা বিষয়ক অসুবিধাসমূহ আঁতৰ কৰিব বুলি কেবিনেটে মতপোষণ কৰে ৷

Exit mobile version