Maharasta Mla :মহাৰাষ্ট্ৰ বিধায়কৰ অপমানসূচক বক্তব্য

অসমৰ লোকে কুকুৰ ভক্ষণ কৰে, তাত কুকুৰৰ চাহিদা বেছি,পথৰ ভতুৱা কুকুৰ চালান দিয়ক অসমলৈ

WhatsApp Image 2023 03 05 at 14.27.48

Maharasta Mla :

অসমক পুনৰ অপমান ৷ মহাৰাষ্ট্ৰ বিজেপি – শিৱসেনা নেতৃত্বাধীন চৰকাৰৰ এজন বিধায়কে মহাৰাষ্ট্ৰ বিধানসভাত আগবঢ়ালে অসমৰ বাবে এক অপমানজনক মন্তব্য ৷ যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৰাজ্যৰ সৰ্বত্ৰে ৷

বিজেপি – শিৱসেনা নেতৃত্বাধীন চৰকাৰৰ অন্যতম সহযোগী দল প্ৰহাৰ জনশক্তি পাৰ্টীৰ বিধায়ক বাচু কাডু ৰাজ্য খনত শেহতীয়াকৈ ৰাজপথত ভতুৱা কুকুৰৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি পোৱা বিষয় এটা লৈ মহাৰাষ্ট্ৰৰ বিধানসভাত কয়,অসম লোকে কুকুৰ ভক্ষণ কৰে ৷

তাত কুকুৰৰ চাহিদা বেছি ৷ সেয়েহে মহাৰাষ্ট্ৰৰ অলিয়ে গলিয়ে ঘূৰি ফুৰা পথৰ ভতুৱা কুকুৰ সমূহ অসমলৈ চালান দিয়াৰ সম্পৰ্কত বক্তব্য ৰাখি ধৃষ্টতা প্ৰদৰ্শন কৰে ৷

উল্লেখ্য যে,এইজন বিধায়কেই কিছুদিন পূৰ্বে মহাৰাষ্ট্ৰৰ আন সকলৰ বিধায়কৰ স’তে অসমলৈ আহি ৰেডিচন ব্লু হোটেলত বাহৰ পাতি কামাখ্যা মন্দিৰ দৰ্শন কৰি ৰাজ আতিথ্য লাভ কৰিছিল ৷

কিন্ত খাই পাত ফলা এইজন বিধায়কৰ অপমানসূচক মন্তব্যই পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আকৌ এবাৰ অপমানিত হ’বলগীয়া হ’ল অসম ৷
অসম সম্পৰ্কে এনে তুলুঙা মন্তব্য প্ৰকাশ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কি পদক্ষেপ লয় সেইয়া হ’ব লক্ষণীয় ৷

Exit mobile version