Guwahati Railway Station :গুৱাহাটীত ৰে’ল ষ্টেচনত পুনৰ জব্দ বৃহৎ পৰিমাণৰ সোণ

আটক এজন সোণ সৰবৰাহকাৰীক

WhatsApp Image 2023 03 08 at 15.21.26 1

Guwahati Railway Station :

চোৰাং ব্যৱসায়ীৰ মুল কৰিডৰত পৰিণত হৈ পৰিছে গুৱাহাটী ৰে’ল ষ্টেচন ৷ ইটোৰ পাছত সিটোকৈ চোৰাং সোণ সৰবৰাহকাৰী ৰে’ল আৰক্ষীৰ জালত পৰিছে ৷

বুধবাৰেও আৰক্ষীয়ে অৰ্তকিতে চলোৱা অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ চোৰাং সোণ ৷ জব্দকৃত সোণ খিনিৰ মূল্য প্ৰায় তিনি কোটি টকা হ’ব বুলি অনুমাণ কৰিছে ৰে’ল আৰক্ষীয়ে ৷

গুৱাহাটী ৰে’ল আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত পল্টন বজাৰস্থিত ৰে’লৱে ষ্টেচনত ৰৈ থকা ৰাজধানী এক্সপ্ৰেছত অভিযান চলাই বুজন পৰিমাণৰ সোণৰ বিস্কুট জব্দ কৰিবলৈ সক্ষম হয় ৷

মণিপুৰৰ পৰা দিল্লীলৈ নিয়াৰ উদ্দেশ্যৰে ২০ খন সোণৰ বিস্কুটসমূহ সৰবৰাহ কৰা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ কৰে ৷

অবৈধ সোণ সৰবৰাহস’তে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে শ্বৰীফ আলম নামৰ এজন দুৰ্ধৰ্ষ পেডলাৰক আটক কৰে।

উল্লেখ্য যে ,মঙলবাৰেও ৰে’ল আৰক্ষীয়ে গুৱাহাটী ৰে’ল ষ্টেচনত অভিযান চলাই ২০ লাখ টকা মূল্যৰ ৩.২০ গ্ৰাম সোণ জব্দ কৰাৰ লগতে সম্পদ ৰাও নামৰ সৰবৰাহকাৰী এজনকো আটক কৰিছিল ৷

Exit mobile version