Manas National Park:মানাহ ৰাষ্ট্ৰীয় উদ্যানত দুই বনৰজাৰ মুক্ত বিচৰণৰ দৃশ্য বন্দী কেমেৰাত

আপ্লুত দেশী-বিদেশী পৰ্যটক

WhatsApp Image 2023 03 08 at 19.04.49

Manas National Park :

বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন ৰজাৰ মুক্ত বিচৰণ দেখি আপ্লুত হৈ পৰিছে দেশী-বিদেশী পৰ্যটক ৷ সুদূৰ আমেৰিকাৰ পৰা অহা এগৰাকী পৰ্যটকৰ কেমেৰাত দুদিন পূৰ্বে বন্দী হয় বন ৰজাৰ এক দৃষ্টিনন্দন দৃশ্য ৷

মানাহৰ ট্যুৰিষ্ট গাইড মৃণাল বসুমতাৰীৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভূঞাপাৰা ৰেঞ্জত জীপ ছাফাৰী কৰি থকাৰ সময়তে বন ৰজাক সম্মুখৰ পৰা পথৰ মাজত প্ৰত্যক্ষ কৰে আমেৰিকাৰ এটি পৰ্যটকৰ দলে।

ৰাষ্ট্ৰীয় উদ্যানখনত থকা ঘন জংঘলৰ বাবে বন ৰজাক দেখিবলৈ সহজতে সৌভাগ্য নঘটে দেশী-বিদেশী পৰ্যটকসকলৰ।কেতিয়াবা হঠাৎ এনেদৰে বন ৰজাৰ মুক্ত বিচৰণ দেখি আপ্লুত হৈ পৰে পৰ্যটকসকল।

ইফালে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জতো ট্যুৰিষ্ট গাইড পংকজ দাসৰ কেমেৰাত বন্দী হয় আন এটা ৰয়েল বেংগল টাইগাৰ ৷

হাবি কাটি আগবাঢ়ি যোৱা মুহূৰ্তত ট্যুৰিষ্ট গাইড পংকজ দাসৰ কেমেৰাত বন্দী হয় প্ৰকাণ্ড ৰয়েল বেংগল টাইগাৰটো ৷

উল্লেখযোগ্য যে দুই চাৰিবছৰ পূৰ্বে মানাহত দেশী বিদেশী পৰ্যটকে কাচিৎহে বনৰজা,বনগৰু,মেঠোন,গঁড় আদি প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছিল যদিও ৰাষ্ট্ৰীয় উদ্যানখনত জীৱ-জন্তুৰ সংখ্যা পূৰ্বৰ তুলনাত বৃদ্ধি পোৱা হেতু বৰ্তমান সময়ত প্ৰায়ে বন্য জীৱকূল পৰ্যটক সকলে প্ৰত্যক্ষ কৰাৰ সৌভাগ্য ঘটে মানাহৰ বুকুত ৷

Exit mobile version