Gohpur Murder :গহপুৰত মৰ্মান্তিক ঘটনা !

এবছৰীয়া জন্মদিনটোতে পথাৰত উদ্ধাৰ শিশুৰ মৃতদেহ

da306cee d908 47dc 8136 8c5cb4c180c8 1

Gohpur Murder :

এটি কণমানি এবছৰীয়া শিশু৷আজি আছিল কণমানিটিৰ জন্মদিন ৷সেয়েহে বুধবাৰে সন্ধিয়া ভাগত পিতৃৰ স’তে চাইকেলৰে ওলাই গৈছিল বজাৰলৈ ৷ কিন্ত বাৰঘন্টা সন্ধানহীন হৈ থকাৰ পাছত আজি পুৱাতে শিশুটিৰ নিথৰ দেহ ৰাইজে প্ৰত্যক্ষ কৰে পথাৰৰ মাজত৷

শিশুটিৰ মৃতদেহৰ কাষতে পৰি আছে চাইকেল আৰু মোনাটো ৷কিন্তু সন্ধান নাই শিশুটিৰ পিতৃ ৷ এই মৰ্মান্তিক ঘটনা সংঘটিত হয় গহপুৰৰ সোঙালীবড়ি গাঁৱত ৷

উল্লেখ্য যে,আজি শিশুটিৰ এবছৰীয়া জন্মদিন উপলক্ষ্যত পিতৃ শচীন বৰদলৈৰ লগত বজাৰলৈ বুলি ওলাই গৈছিল বুধবাৰে সন্ধিয়া ছয় বজাত ৷ কিন্ত বহু সময় ধৰি পিতা- পুত্ৰ ঘৰলৈ উভতি নহাত পত্নী সহ ঘৰৰ সকলো চিন্তাম্বিত হৈ পৰে ৷

কিন্ত আজি পুৱা ভাগত গাৱঁৰ লোকে সোঙালীবড়িৰ পথাৰত মৃত অৱস্থাত উদ্ধাৰ কৰে পৰাগজ্যোতি বৰদলৈ নামৰ এবছৰীয়া শিশুটিৰ মৃতদেহ ৷ কিন্ত সন্ধান নাই শিশুটিৰ পিতৃ শচীন বৰদলৈ৷

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অনুসন্ধান কৰি নিশ্চিত কৰে যে দেৱশিশুটি সোঙালীবড়ি গাঁৱৰ শচীন বৰদলৈৰ পুত্ৰ । আৰক্ষীয়ে শিশুটিৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত৷

Exit mobile version