Mangaldoi : দৰঙৰ বানে গৰকা শাকতোলা নৈপৰীয়া পথাৰত চুইজাৰলেণ্ড, কাশ্মীৰ সদৃশ বাগিচা

512f3ec0 738a 472e ae3a aa191e57d924

Mangaldoi :

চৌদিশে কেৱল বেঙুনীয়া ৰঙৰ বনৰীয়া ফুলৰ শোভাই ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পথাচাৰী আৰু স্থানীয় ৰাইজৰ মন প্ৰাণ হৰিছে দৰঙৰ সদৰ মঙলদৈৰ নিকটৱৰ্তী বানে গৰাকা শাকতোলা নৈপৰীয়া পথাৰত।

হঠাতে আৱিৰ্ভাৱ হোৱা কাশ্মীৰ অথবা চুইজাৰলেণ্ডৰ বাগিচা সদৃশ বনৰীয়া ফুলৰ এই সৌন্দৰ্যই এক অলৌকিক আৰু সৰগীয় পৰিবেশ সৃষ্টি কৰি আকৰ্ষণৰ কেন্দ্ৰ বিন্দুত পৰিণত কৰিছে ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ পিপৰা দোকানৰ সমীপৰ বাধাগ্ৰস্ত পথাৰখন ।

শাকতোলা নৈপৰীয়া পথাৰৰ বেঙুনীয়া মন পৰশা দৃশ্য উপভোগ কৰিবলৈ অঞ্চলটোলৈ ঢাপলি মেলিছে বিভিন্নজনে। কোনোবাই যদি ফটো তুলিছে, আন কোনোবাই আকৌ ছেলফি উঠিছে। কোনোৱে যদি থিয় হৈ পজ দিছে, কোনোৱে আকৌ বাগৰি এই ফটো তুলিছে।

মুঠতে সকলোৱে উপভোগ কৰিছে সুন্দৰ ফুলনি সদৃশ পৰিবেশৰ | বেঙুনীয়া ফুলনি চাবলৈ নাইবা ফটো উঠিবলৈ এতিয়া জিলাখনৰ ভিন্ন প্রান্তৰ লোক সকল পৰিয়াল সহ ধাপলি মেলা পৰিলক্ষিত হৈছে |

উল্লেখ্য যে বিগত বৰ্ষত বৃহত্তৰ অঞ্চলটিক প্রলয়ংকৰী বানে প্রায় এমাহ ধৰি ডুবাই ৰাখিছিল। এনেদৰে বহুদিন ধৰি বানত ডুবি থকাৰ পাছত বানত উটি আহি বেঙুনীয়া ফুলৰ তৃণবিৰ গজালি মেলে বা এইদৰে এখন বাগিচাৰ সৃষ্টি হয় বুলি স্থানীয় ৰাইজে সন্দেহ প্রকাশ কৰিছে।

Exit mobile version