Shaiva Mahasangha : শৈৱ মহাসংঘৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰু অসম ৰাজ্যিক সমিতি গঠন।

জুলা শৰ্মা ৰাজ্যিক সমিতিৰ সভানেত্ৰী ৰূপে নিৰ্বাচিত

9756c482 7a7a 4447 8615 bf99704ccee3

Shaiva Mahasangha :

গুৱাহাটীৰ ৰূপনগৰস্থিত মুক্তি যুঁজাৰু সন্মিলনী ভৱনত ১২ মাৰ্চত অনুষ্ঠিত হয় শৈৱ মহাসংঘৰ প্ৰথম খন কাৰ্যনিৰ্বাহক সভা। সহ সম্পাদক মিলন জ্যোতি খাটনিয়াৰে আঁত ধৰা সভাখনত সভাপতিত্ব কৰে শৈৱ মহাসংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সৌমিত্ৰ গোস্বামীয়ে ৷

কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি অভিজিত বৰা , সাধাৰণ সম্পাদক দিব্য জ্যোতি শইকীয়াৰ লগতে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি ভাষন প্ৰদান কৰে বৰপেটা জিলাৰ বিশিষ্ট সমাজকৰ্মী কুমুদ ভট্টাচাৰ্য আৰু বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ বিশিষ্ট সমাজকৰ্মী পিনাকী মালাকাৰে৷

অসমৰ ১৭খন জিলাৰ জিলা সমিতিৰ বিষয়ববীয়া আৰু সদস্য উপস্থিত থকা সভাখনত শৈৱ মহাসংঘৰ লক্ষ্য উদ্দেশ্যৰ বিষয়ে আলোকপাত কৰে কাৰ্যকৰী সভাপতি অভিজিত বৰাই । ভাষণ প্ৰসংগত বৰাই উল্লেখ কৰে যে যোৱা ২৫ ডিচেম্বৰ ২০২২ বৰ্ষত স্থাপিত শৈৱ মহাসংঘই আগন্তুক দিনত যাগ- যজ্ঞ , নাম- কীৰ্ত্তন আদি আধ্যাত্মিক কৰ্মৰে সামূহিক শৈৱ চৈতন্য জাগ্ৰত কৰাৰ উপৰিও প্ৰকৃতি আৰু পৰিবেশৰ সুৰক্ষা আৰু সংৰক্ষণ , ধৰ্মান্তৰ কৰণ ৰোধ কৰা, সনাতন সংস্কৃতি , আধ্যাত্মবাদৰ সুৰক্ষা আৰু অৰ্থনৈতিক উত্তৰণৰ হকে অনাগত দিনত কাৰ্যপন্থা হাতত লোৱাৰ বিষয়ে ৷

কেন্দ্ৰীয় সমিতিৰ সভাপতি সৌমিত্ৰ গোস্বামীয়ে শৈৱ মহাসংঘৰ কাৰ্যপন্থাৰ বিষয়ে আলোকপাত কৰে ৷ স্থাপনা হোৱাৰ মাত্ৰ দুমাহ সম্পূৰ্ণ হোৱা শৈৱ মহাসংঘৰ সাত খন জিলা সমিতি গঠন হোৱা বিষয়ক উল্লেখ কৰি সকলো বিষয় ববীয়াক ধন্যবাদ জনায় আৰু এই দৈৱিক কৰ্মক সহযোগ কৰি সংগঠনটোক আগুৱাই নিয়াৰ নিমিত্তে ত্যাগৰ মনোভাৱেৰে কাম কৰি যাবলৈ অনুৰোধ জনাই।

প্ৰসংগক্ৰমে উল্লেখ কৰে যে শৈৱ মহাসংঘ এক ভক্তি মাৰ্গৰ অৰাজনৈতিক সংগঠন। সভাত শৈৱ মহাসংঘৰ প্ৰতিকী উন্মোচন , সংবিধান গৃহীত , জিলা সমিতি সমূহৰ দায়িত্ব অৰ্পণ আদি বিভিন্ন গুৰত্ব পূৰ্ণ বিষয়ৰ আলোচনা হয়। শৈৱ মহাসংঘৰ নাৰী শক্তি সমিতি গঠনৰ বাবে ইন্দ্ৰানী তহবিলদাৰ , ড° সুনীতা মুণ্ডা , দুলালী খাউণ্ড আৰু অপৰূপা বৰঠাকুৰক আহ্বায়িকা হিচাপে দায়িত্ব ভাৰ অৰ্পণ কৰে ৷

এই সভাতেই সময়তেই ৩১ জনীয়া অসম ৰাজ্যিক সমিতি গঠন কৰা হয়। বিশিষ্ট লেখিকা তথা আধ্যাত্ম মাৰ্গৰ অন্যতম গৱেষিকা জুলা শৰ্মাক সৰ্বসন্মতমতে শৈৱ মহাসংঘ অসমৰ সভানেত্ৰী হিচাপে মনোনীত হয়। গোৱালপাৰা জিলাৰ হৰেকৃষ্ণ কলিতা কাৰ্যকৰী সভাপতি ,কাৰ্বি আঙল জিলাৰ ৰ’লেন ইংটি আৰু শোনিতপুৰ জিলাৰ বিৰাজ কলিতা সাধাৰণ সম্পাদক , গুনজিত দাস , ঘন’কান্ত মহন্ত , গৌতম ভট্টাচাৰ্য উপসভাপতি , ভিক্টৰ কলিতা , জিন্টু শৰ্মা , পংকজ নাথ সাংগঠনিক সম্পাদক , মাধুৰ্য্য শইকীয়া , বিটুপন পাল সহকাৰী সম্পদাক , অমৰেন্দ্ৰ শৰ্মা বিত্ত সম্পাদক , ৰিংকু দত্ত , প্ৰশান্ত বৰাা আদিকে মুখ্য কৰি ষোল্ল জন কাৰ্যকৰী সদস্যৰে সমিতি খন গঠন কৰা হয়। সভাত অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত সমবায় সমিতিৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰে ইন্দ্ৰানী তহবিলদাৰে ।

আধ্যাত্মিকতাৰ জৰিয়তে সংস্কাৰমুখী বাতাবৰণ গঢ় দিয়াৰ বিষয়ক বক্তব্য ৰাখে উপসভাপতি চন্দ্ৰমোহন শৈৱ, ড° দীপক মজুমদাৰ সমাজকৰ্মী কুমুদ ভট্টাচাৰ্য, পিনাকী মালাকাৰ, অপৰূপা বৰঠাকুৰ, দুলালী খাউণ্ড, অমৰেন্দ্ৰ শৰ্মা আদি বিশিষ্ট ব্যক্তি সকলে। যুব সমিতিৰ মুখ্য আহ্বায়ক দিপাংকৰ ৰাজখোৱাই শলাগৰ শৰাইৰে শৈৱ মহাসংঘৰ দৈৱিক কৰ্মৰাজী আগুৱাই নিয়াৰ ক্ষেত্ৰত বিষয়বাবৰ উৰ্দ্ধত সকলোকে সেৱাৰ মনোভাৱেৰে এজন সু সংগঠক হৈ নিজ নিজ অঞ্চল সমূহত শৈৱ মহাসংঘৰ কাম কাজক আগুৱাই নিবলৈ আহ্বান জনাই ।

Exit mobile version