Nalbari :ভগা মথাউৰি বুকুত লৈ আতংকত দিন কটাইছে বানত সৰ্বহাৰা আমনিৰ ৰিবন বৰ্মনে

২০২২ বৰ্ষৰ ভয়ংকৰ বানত ছিন্ন ভিন্ন বুঢ়াদিয়াৰ মথাউৰি পুনঃনিৰ্মাণৰ নাম- গোন্ধ নাই চৰকাৰৰ

WhatsApp Image 2023 03 15 at 02.19.50

Nalbari :

বানত ক্ষতিগ্ৰস্ত ৪১৮ টা আঁচনিৰ মেৰামতিৰ বাবে প্ৰায় ২২ কোটি আৱন্তনৰ প্ৰক্ৰিয়া আৰম্ভ চৰকাৰৰ। বাদ পৰিল আমনি বাবাৰ থানৰ পৰা লখোপুৰ সংযোগী বুঢ়াদিয়াৰ ছিন্ন মথাউৰি

মহিলাগৰাকীৰ নাম ৰিবন বৰ্মন। উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হৈ বিয়া হৈছিল নলবাৰীৰ চামতাৰ আমনি বাবা থানৰ ওচৰৰ মণ্টু বৰ্মনৰ লগত। দুই লৰা- ছোৱালী সহ তেওঁলোকৰ ৪ জনীয়া পৰিয়ালটো চলি আহিছিল স্বামী মণ্টু বৰ্মনৰ দিন হাজিৰাৰ উপার্জনেৰে।

যোৱা বৰ্ষত স্বামী ঢুকাল। তাৰ দুমাহ মান পাছতে বুঢ়াদিয়াৰ মথাউৰি চিঙি সংহাৰী বানে উটুৱাই নিলে ঘৰ- ভেঁটি। এতিয়া তেওঁৰ খোৱা, থকা সকলোতে নাজল নাথল অৱস্থা।

আমনি বাবাৰ থানৰ পৰা লখোপুৰলৈ প্ৰায় দহ কি: মি : দৈৰ্ঘ্যৰ বুঢ়াদিয়াৰ উক্ত মথাউৰিটো যোৱা বৰ্ষৰ বানে ৪ ঠাইত চিঙি বৃহত্তৰ অঞ্চলটোলৈ নমাই আনিছিল বিভীষিকা

ইয়াৰ এঠাইত প্ৰায় ৫০০ মি : মথাউৰি চিঙি নিছিল বানে। এতিয়া খৰালি কাল শেষ হবৰে হল। কিন্তু চৰকাৰে এই পৰ্যন্ত মথাউৰি টোৰ ভগ্ন অংশ সমূহ মেৰামতি বা পুনঃ নিৰ্মাণৰ নাম গোন্ধেই লোৱা নাই। যাৰ ফলত সাধাৰণ বৰষুণত উপচি পৰা বুঢ়াদিয়াৰ প্ৰবল ঢৌতেই ঘৰ – ভেঁটি হেৰুওৱাৰ আতংকত দিন পাৰ কৰিব লগা হৈছে ৰিবন বৰ্মনৰ দৰে অঞ্চলটোৰ শ শ পৰিয়ালে।

উল্লেখ্য যে চৰকাৰে নলবাৰী জিলাৰ বান বিধষ্ঠ ৪১৮ টাকৈ আঁচনি কাৰ্যকৰী কৰাৰ বাবে প্ৰায় ২২ কোটি টকা ব্যয় কৰাৰ পৰিকল্পনা চলাইছে যদিও বৃহত্তৰ আমনি অঞ্চলৰ ৰক্ষা কৱচ স্বৰূপ বুঢ়াদিয়াৰ ভগ্ন মথাউৰি পুনঃ নিৰ্মাণৰ বাবে এই পৰ্যন্ত কোনো পদক্ষেপ লোৱা নাই।

Exit mobile version