Gorsam Kora festival :  তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন ভাৰত আৰু ভূটানৰ মাজত বন্ধুত্বৰ উৎসৱ

Gorsam Kora festival :

অৰুণাচল প্ৰদেশৰ জিমিথাঙৰ গোৰ্ছাম চোৰ্টেনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় গোৰ্ছাম কোৰা উৎসৱ ।অঞ্চলটোৰ চহকী সাংস্কৃতিক আৰু ধৰ্মীয় ঐতিহ্যক প্ৰদৰ্শন কৰা এই ঐতিহাসিক উৎসৱত ভাৰত আৰু ভূটান দুয়োদেশৰ পৰা আহি তীৰ্থযাত্ৰীসকলে চোৰ্টেনলৈ লৈ আহি পৰিদৰ্শন কৰাৰ লগতে তেঁওলোকৰ ধৰ্ম গুৰুক প্ৰাৰ্থনা জনাই ।

বাৰ্ষিক তীৰ্থযাত্ৰাই ভাৰত আৰু ভূটানৰ মাজৰ ঐতিহাসিক সংযোগৰ সাক্ষ্য দিয়ে, যাৰ প্ৰমাণ ভূটানৰ ত্ৰাশী ইয়াংচেৰ চোৰ্টেন কোৰা আৰু জিমিথাঙৰ গোৰ্ছাম কোৰাৰ মাজত যি আধ্যাত্মিক সংযোগ আছে – দুয়োটা নেপালৰ বৌডানাথ স্তুপৰ আৰ্হিত।

স্থানীয় অসামৰিক প্ৰশাসন আৰু ভাৰতীয় সেনাবাহিনীৰ সহযোগত জিমিথাঙৰ স্থানীয় জনগোষ্ঠীৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হয়।অনুষ্ঠানৰ আৰম্ভণিতে মহামহিম পদম শ্ৰী থেংচে ৰিনপোচেৰ দ্বাৰা মুকলি প্ৰাৰ্থনা কৰাৰ লগতে খিংজেমানে পবিত্ৰ গছত প্ৰাৰ্থনা কৰে ।

ইয়াৰ ওপৰিও ভাৰতীয় সেনাই পাইপ বেণ্ড আৰু যুদ্ধ নৃত্য প্ৰদৰ্শনৰ লগতে স্থানীয় লোকে সাংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰে।

চৰকাৰৰ ‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম’ৰ অংশ হিচাপে স্থানীয় জনসাধাৰণক জড়িত কৰাৰ বাবে কিছুমান বিশেষ কাৰ্যসূচীও অনুষ্ঠিত কৰা হৈছিল যেনে ‘প্লাষ্টিক ফ্ৰী জিমিথাং’ , মেডিকেল কেম্প আৰু পুৰণি জিমিথাং উপত্যকাৰ মাজেৰে ট্ৰেকিং।

এই উৎসৱত ভূটান, টাৱাং আৰু নিকটৱৰ্তী অঞ্চলৰ পৰা অসংখ্য তীৰ্থযাত্ৰী আৰু লামাসকলে অংশগ্ৰহণ কৰে।

অঞ্চলটোত ৰাষ্ট্ৰীয় নিৰ্মাণৰ প্ৰচেষ্টাৰ অংশ হিচাপে ভাৰতীয় সেনাই স্থানীয় জনসাধাৰণ আৰু অসামৰিক প্ৰশাসনৰ স’তে মিলি এই উৎসৱৰ সফল পৰিচালনাৰ বাবে কাম কৰি দুৰ্গম অঞ্চলত বাস কৰা লোকসকলক মূলসুঁতিলৈ একত্ৰিত কৰাটো নিশ্চিত কৰাৰ দিশত নিজৰ অটল সংকল্প প্ৰকাশ কৰে।

Exit mobile version