Women Empowerment Seminar- Celebrating In Narengi Army Camp:
মহিলাসকলৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক উৎকৰ্ষ সাধনৰ বাবে প্ৰতিবৰ্ষৰ চাৰি মাৰ্চত সমগ্ৰ বিশ্বজুৰি পালন কৰি অহা হয় আন্তৰ্জাতিক নাৰী দিৱস ।
মহানগৰীৰ নাৰেংগী সেনা শিৱিৰত নাৰী দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় সেনাৰ দ্বাৰা সোমবাৰে ব্ৰহ্মপুত্ৰ প্ৰেক্ষাগৃহত “মহিলা স-শক্তিকৰণ’ শীৰ্ষক এক আলোচনাচক্ৰৰ আয়োজন কৰা হয় ৷
সেনাৰ বিষয়া-জোৱানৰ পত্নী সকলৰ দ্বাৰা গঠিত পৰিয়াল কল্যাণ সংস্থাৰ অধ্যক্ষা অনুপমা ঝা সহ ২৭৫ গৰাকী সেনাৰ পত্নীয়ে অংশগ্ৰহণ কৰে ৷
আলোচনাচক্ৰত ভাগ লোৱা বক্তাসকলৰ দ্বাৰা বিভিন্ন অনুপ্ৰেৰণামূলক আৰু সশক্তিকৰণ সন্দৰ্ভত কেইবা গৰাকীয়ে বক্তব্য প্ৰদান কৰে ৷
মুখ্য বক্তা হিচাপে অংশ লয় বিশেষ পেৰালিম্পিক বিজয়ী মিছ লক্ষ্মী, মহিলা সামৰিক ব্যক্তিগতৰ প্ৰথম দল এল এন কে সন্ধ্যা আৰু কিৰণ সিঙে ৷
উল্লেখ্য যে এই আলোচনা চক্ৰতে যোৱা আঠ মাৰ্চত অনুষ্ঠিত হোৱা ৱাকাথনৰ বিজয়ীসকলক সম্বৰ্ধনা জনোৱা হয়।