Road Safety Awareness Programme:আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ত পথ-সুৰক্ষাৰ মনোজ্ঞ অনুষ্ঠান

 ভাৰতীয় মানক ব্যুৰো আৰু কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতৰ উদ্যোগত আই এছ আইযুক্ত হেলমেট ব্যৱহাৰ সন্দৰ্ভত সজাগতা অনুষ্ঠান

WhatsApp Image 2023 03 24 at 20.02.10

Road Safety Awareness Programme :

ভাৰতীয় মানক ব্যুৰো আৰু কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ যৌথ উদ্যোগত শুকুৰবাৰে মহানগৰীৰ আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ত এক গুৰুত্বপূৰ্ণ পথ-সুৰক্ষা সজাগতাৰ কাৰ্যসূচী অনুষ্ঠিত হয়।

দিনৰ ১২বজাৰ পৰা অনুষ্ঠিত “শুভযাত্ৰা” শীৰ্ষক ব্যতিক্ৰমী সজাগতা অনুষ্ঠানটোত পথ-সুৰক্ষাৰ বিভিন্ন দিশসমূহ, বিশেষকৈ দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে আই এছ আই যুক্ত হেলমেট ব্যৱহাৰ সন্দৰ্ভত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ব্যাপক সজাগতা সৃষ্টি কৰা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে উদেশ্য ব্যাখ্যা কৰি ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে দুচকীয়া বাহন চলাওঁতেই হওক অথবা উঠোতে শিশু, মহিলা-পুৰুষ সকলোৰে বাবে হেলমেট ব্যৱহাৰ কৰাটো অত্যন্ত বাধ্যতামূলক বুলি উল্লেখ কৰে।

দুচকীয়া বাহন ব্যৱহাৰ কৰাসকলক তেওঁ হেলমেট পৰিধান কৰাটো জীৱন ৰক্ষাৰ অন্যতম ব্ৰত হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

হেলমেট পৰিধান নকৰা বাবেই ভাৰতবৰ্ষৰ লগতে অসমত বিভিন্ন সময়ত সংঘটিত পথ দুৰ্ঘটনাত হাজাৰ হাজাৰ লোকে অকালতে মৃত্যুক সাবতি লোৱা অথবা পঙ্গুত্ব জীৱন কটাবলগীয়া হোৱা তথ্য ডাঙি ধৰি তেওঁ যুৱপ্ৰজন্মক এইক্ষেত্ৰত বিশেষভাবে মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।

জেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় শৈক্ষিক ডিন মৌচুমী বৰা, জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ মুখাৰ্জী, তৰুণ প্ৰজন্মৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী ক্ৰমে সিদ্ধাৰ্থ গোস্বামী, কিংকিনি গোস্বামীয়ে সজাগতা অনুষ্ঠানটোত অংশগ্ৰহণ কৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক দুচকীয়া বাহনত প্ৰতিটো মুহূৰ্ততে হেলমেট ব্যৱহাৰত অত্যাধিক গুৰুত্ব দি ভগৱানৰ দান অনুপম জীৱনটোকলৈ সদা সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় ৷

অনুষ্ঠানত হেলেমেটৰ নিৰ্মাণ, গুণাগুণ আৰু পৰীক্ষা-নিৰীক্ষা সন্দৰ্ভত এটা ভিডিও পৰিবেশন কৰাৰ অন্তত ভাৰত মানক ব্যুৰোৰ গুৱাহাটী শাখাৰ সঞ্চালক সব্যসাচী ধৰ আৰু প্ৰচাৰ বিষয়া বিষ্ণু দাসে কয় যে আই এছ আই চিহ্ন অবিহনে হেলমেট নিৰ্মাণ আৰু বিক্ৰী কৰাটো সম্পতি এক শাস্তিযোগ্য অপৰাধ

অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি যাত্ৰী-আৰোহী উভয়ে আইএছআই যুক্ত হেলমেট পৰিধান কৰিব লাগিব। আইএছআই চিহ্ন থকা হেলমেটত এটা সাত বা দহ অংকৰ অনুজ্ঞাপত্ৰ নম্বৰ থাকে আৰু ইয়াৰ সত্যতা বি আই এছ কেয়াৰ এপ (BIS care app)ত ভেৰিফাই লাইচেঞ্চৰ বিবৰণ লিংকৰ মূল্যায়ন কৰি পৰীক্ষা কৰিবলৈয়ো বিষয়াদ্বয়ে হেলমেট ব্যৱহাৰ কৰা সকলো লোকলৈ আহ্বান জনায়।

অনুষ্ঠানত চন্দ্ৰশেখৰ দাসৰ পৰিচালনাত পথ-দুৰ্ঘটনা বিষয়ক তথ্যচিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে নেডফিমচৰ শিল্পীসকলে এখন ছুটি নাটক মঞ্চস্থ কৰে ৷

একেদৰে মিনাংক ডেকাৰ পৰিচালনাত “নিৰ্বাক” গোষ্ঠীয়ে হেলেমেট পৰিধানকে ধৰি পথ-সুৰক্ষাৰ “পঞ্চসূত্ৰ” মুকাভিনয়ৰ জড়িয়তে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত ডাঙি ধৰি সজাগতা সৃষ্টি কৰে ৷

মহাবিদ্যালয়খনৰ ছাত্ৰ ৰাজবীৰ শইকীয়াই আঁতধৰা আৰু কাবেৰী কোঁচে গুৰুবন্দনা পৰিবেশন কৰা সজাগতা অনুষ্ঠানৰ শেষত সহকাৰী অধ্যাপক ড° মিন্টুমান দত্তই শলাগৰ শৰাই আগবঢ়াই ।

Exit mobile version