SSB : গোসাঁইগাঁৱত এছ এছ বিৰ উদ্যোগত মাহজোৰা গাড়ী চলোৱা প্ৰশিক্ষণৰ সামৰনি লগতে কৃষি সামগ্ৰী বিতৰন অনুষ্ঠান

08c43cbb 3ff6 4948 bb0a 79fe364a5799

SSB :

নিবনুৱা সমস্যাৰ সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে। নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপন দিয়াৰ উদ্দেশ্য বিনামূলীয়া কৈ বিভিন্ন বিষয়ত প্ৰশিক্ষণ দি উপযুক্ত কৰি তুলিছে।

ইয়াৰ অংশ হিচাপে ৩১ নম্বৰ এছ এছ বি বাহিনীৰ উদ্যোগত গোসাঁইগাঁৱৰ কচুগাঁও টাকামপুৰ এছ এছ বি শিবিৰৰ সহযোগত মাহজোৰা গাড়ী চালক প্ৰশিক্ষণ সমাপ্ত কৰে।

গোসাঁইগাঁও মহকুমাৰ বিভিন্ন প্ৰান্তৰ ২৭ খন গাঁৱৰ শিক্ষিত নিবনুৱা যুৱকক ভৱিষ্যত জীৱন নিৰ্বাহ কৰাৰ লগতে পৰিয়ালক পোহ পাল দিবলৈ ভাৰত চৰকাৰৰ তৰফৰ পৰা এছ এছ বিৰ সহায়ত প্ৰশিক্ষণ শিবিৰৰ ব্যৱস্থা কৰিছে।

সম্পূৰ্ণ বিনামূলীয়া কৈ প্ৰশিক্ষণ দিয়ে এছ এছ বিয়ে। মাহজোৰা প্ৰশিক্ষণ শিবিৰৰ অন্তত যুৱক সকলক দিয়া হয় এখনকৈ ডাইভিং প্ৰমাণ পত্ৰ ৰ লগতে স্থানীয় খেতিয়ক সকলক কৃষিৰ বিভিন্ন জ্ঞান প্ৰদান কৰাৰ লগতে কৃষি সজূলী বিতৰন কৰে।

চৰকাৰী বিভিন্ন বিভাগত খালি হৈ থকা গাড়ী চালকৰ পদত আবেদন কৰিব পাৰিব অংশ গ্ৰহণ কৰা যুৱক সকলে।অনুষ্ঠানত উপস্থিত থাকে মহকুমাধিপতি আৰন্যক শইকীয়া,কৃষি বিঞ্জান কেন্দ্ৰৰ মুখ্য ছাইণ্টিছ ড°বিনোদ উপাধায়,৩১ নং এছ এছ বিৰ সহকাৰী সেনাধ্যক্ষ ৰাহুল ঘাছা আৰু স্থানীয় ৰাইজসকল।

Exit mobile version