Rakesh Paul Released From Jail:বন্ধ কুঠৰীৰ পৰা মুকলি আকাশৰ তললৈ এ পি এছ চি কেলেংকাৰীৰ খলনায়ক ৰাকেশ পাল

কাৰাৰুদ্ধ হৈ আছিল ছয়বছৰ চাৰি মাহ

WhatsApp Image 2023 03 28 at 20.04.12

Rakesh Paul Released From Jail :

অৱশেষত মুকলি আকাশৰ তললৈ আহিল বহু চৰ্চিত এ পি এছ চি কেলেংকাৰীৰ খলনায়ক ৰাকেশ পাল
শুক্ৰবাৰে বিশেষ আদালতত জামিন লাভ কৰিছিল যদিও এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ গৰাকীক পুনৰ কাৰাগাৰৰ পৰা বিশেষ আদালতলৈ নিয়াৰ পিছত যাৱতীয় নথি পত্ৰৰ কাম সম্পন্ন কৰি মঙ্গলবাৰে সন্ধিয়া কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই আহে ৰাকেশ পাল ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত এপিএছ চিৰ চাকৰি ক্ৰয়- বিক্ৰয়ৰ দৰে বিয়াগোম দুৰ্নীতি অভিযোগত আদালতে কাৰাগাৰলৈ নিক্ষেপ কৰিছিল ৰাকেশ পালক ৷ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত সুদীৰ্ঘ ছয় বছৰ চাৰিবছৰ কাৰাৰুদ্ধ হোৱাৰ পাছত জামিন লাভ কৰে ৰাকেশ পালে ৷

উল্লেখ্য যে,মহানগৰীৰ ভঙাগড় আৰক্ষী থানাৰ কৃষি বিষয়া নিযুক্তি কেলেংকাৰীৰ এটি পঞ্জীভূক্ত গোচৰৰ জামিন লাভৰ পাছতেই মুকলি আকাশৰ তললৈ অহাটো নিশ্চিত হয় এপিএছ চি বক্ৰ পথেৰে চাকৰি কিনা- বেচা গোচৰৰ মুল অভিযুক্ত ৰাকেশ পাল ৷

জামিন লাভ কৰাৰ অন্তত গুৱাহাটী কাৰাগাৰত সকলো যাবতীয় নথিপত্ৰৰ কাম সম্পন্নৰ অন্তত সন্ধিয়া কাৰাগাৰৰ ভিতৰৰ পৰা ওলাই ৰাকেশ পালে সংবাদ মাধ্যমৰ সন্মুখত কলে কাৰাগাৰত থকাৰ অভিজ্ঞতাৰ কথা ৷

কাৰাগাৰত তেওঁ বহু উন্নয়ন মূলক কাম কৰাৰ সুযোগ লাভ কৰিছিল ইয়াৰ ভিতৰত নামঘৰ, পাৰ্ক ‍আদি বুলি উল্লেখ কৰে ৷

আনহাতে কেলেংকাৰী সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নোত্তৰত অতি কৌশলৰে বিষয়টো ফালৰি কাটি মন্তব্য কৰে যে গোচৰটো যিহেতু আদালতত চলি আছে তেনে ক্ষেত্ৰত আদালতত বিচাৰাধীন গোচৰৰ মন্তব্য দিয়াটো অনুচিত ৷

ইয়াৰ পাছতে পাল ৰাওনা হয় নিজ বাসগৃহ অভিমুখে ৷

Exit mobile version