The Smallest City In The World : ভেটিকান চিটী নহয় , এইখনহে বিশ্বৰ সবাটোকৈ ক্ষুদ্ৰ দেশ : জনসংখ্যা মাত্ৰ ২৭ জন

The Smallest City In The World :

বিশ্বৰ সবাতোকৈ ক্ষুদ্ৰ দেশ কি বুলি প্রশ্ন কৰিলে সাধাৰণতে ইয়াৰ উত্তৰত ভেটিকান চিটী বুলি কোৱা হয়। কিন্তু এই উত্তৰ প্ৰকৃতাৰ্থত সত্য নহয়।

দৰাচলতে ভেটিকান চিটীতকৈও ক্ষুদ্ৰ ৰাষ্ট্ৰ আছে এই বিশ্বত। হয়, এই দেশৰ নাম ছিলেণ্ড। সম্পূর্ণ নাম হৈছে ‘প্রিন্সিপেলিটি অৱ ছিলেণ্ড’।

এই ক্ষুদ্রতম ৰাষ্ট্ৰৰ আকাৰ আৰু জনসংখ্যাৰ কথা শুনিলে আপুনি অবাক হ’ব। এইখন অতি ক্ষুদ্র দেশ ইংলণ্ডৰ পৰা মাত্র ১০ কিলোমিটাৰ দূৰৈত অৱস্থিত।

ছিলেণ্ডৰ জনসংখ্যা হৈছে মাত্র ২৭ জন। বিশ্বৰ ২০০ দেশৰ তালিকাত নাম উল্লেখ আছে ‘প্রিন্সিপেলিটি অৱ ছিলেণ্ড’ৰ। এই ক্ষুদ্রতম দেশৰ আকাৰ হৈছে মাত্র ৫৫০ বৰ্গ মিটাৰ। ইংলণ্ডৰ উত্তৰ সাগৰত আছে ছিলেণ্ড।

এই দেশত বসবাস কৰা ২৭ নাগৰিকে ইংৰাজীত বাৰ্তালাপ কৰে। উল্লেখ্য যে এইখন দেশলৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰত পাৰপত্ৰৰ প্ৰয়োজন হয়।

সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল অতি ক্ষুদ্ৰ আৰু স্বল্প জনসংখ্যাৰ ছিলেণ্ডৰো আছে নিজা সেনা, পতাকা আৰু মুদ্ৰাসহ অন্যান্য সকলো পৰিচয়। অৱশ্যে এই ৰাষ্ট্ৰত নাই কোনো প্রধানমন্ত্রী, আছে নিজৰ ৰজা-ৰাণী।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইংলণ্ডে জার্মানীৰ আক্ৰমণৰ পৰা নিজক সুৰক্ষিত ৰাখিবলৈ এইখন ৰাষ্ট্ৰ তৈয়াৰ কৰিছিল। বর্তমানে ছিলেণ্ড স্বতন্ত্র দেশ হিচাপে স্বীকৃত।

Exit mobile version