Parliamentary Standing Committee Report Reveals Disturbing Facts:সংসদীয় স্থায়ী কমিটীৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

হিমবাহৰ বিস্ফোৰণত হিমালয়ৰ পাদদেশীয় অঞ্চলত আচম্বিত প্ৰলয়

WhatsApp Image 2023 03 31 at 13.55.08

Parliamentary Standing Committee Report Reveals Disturbing Facts :

গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তনৰ পৰিণতিত ছন্দ হেৰুৱাইছে হিমালয়ৰ পৰিৱেশে। বিগত ৫০ বছৰত ক্ৰমশঃ শীত প্ৰৱাহৰ হাৰ কমি আহিছে হিমালয়ৰ বক্ষত। হ্রাস পাইছে অতিশয় শীতৰ দিন আৰু শীতার্ত নিশাৰ সংখ্যা।

ইয়াৰ পৰিৱৰ্তে হিমালয়ত দিনে দিনে বুদ্ধি পাবলৈ ধৰিছে তুলনামূলকভাৱে গৰম দিনৰ সংখ্যা । সমগ্র দক্ষিণ-পূব এছিয়াৰ পৰিৱেশ-পাৰিপাৰ্শ্বিকতা তথা জলবায়ুকে ধৰি এক বিস্তীর্ণ অঞ্চলৰ বাসিন্দাৰ জীৱন নিৰ্বাহৰ প্ৰণালীও নিৰ্ণয় কৰা হিমালয়ৰ বক্ষত বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ ফলত দিনে দিনে ক্ষয়িষ্ণু হ’বলৈ ধৰিছে হিমবাহ।

হিমালয়ৰ হিমবাহৰ অধিক সংখ্যকে ব্যাপক হাৰত গলিবলৈ ধৰাৰ বিষয়টোৱে উদ্বিগ্ন কৰি তুলিছে হিমাচলৰ পাদদেশীয় অঞ্চলসমূহত। উল্লেখ্য যে হিমালয়ৰ বুকুত অস্বাভাৱিক হাৰত হিমালয়ৰ হিমবাহৰ ব্যাপক গলনে ভাৰতীয় ভূখণ্ডলৈ কঢ়িয়াই অনা ভাবুকিৰ তথ্য।

উল্লেখ্য যে হিমালয়ৰ পাদদেশীয় অঞ্চলত বৰফ ভাণ্ডাৰৰ বিস্ফোৰণে সৃষ্টি কৰা ভয়াৱহ বান পৰিস্থিতি আদি দিশ নিৰীক্ষণৰ বাবে সংসদীয় স্থায়ী কমিটীয়ে বিচৰা তথ্যৰ আধাৰত ভাৰত চৰকাৰে প্ৰদান কৰা শেহতীয়া পৰিসংখ্যাই প্ৰকাশ কৰিছে গোলকীয় উষ্ণতাই হিমালয়ৰ বৰফ ভাণ্ডাৰলৈ কঢ়িয়াই অনা ভাবুকিৰ তথ্য।

বুধবাৰে লোকসভাত সংসদীয় স্থায়ী কমিটীয়ে দাখিল কৰা প্ৰতিবেদনত সবিস্তাৰে প্ৰকাশ কৰা হৈছে হিমালয়ৰ হিমবাহ দিনে দিনে সংকুচিত হোৱাৰ ভয়াৱহ তথ্য। উল্লেখ্য যে ব্যাপক হাৰত বৰফ গলিবলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত হিমালয়ৰ পাদদেশীয় অঞ্চলৰ নদী ব্যৱস্থাটোৱে সমগ্ৰ অঞ্চলটোতে বৃদ্ধি কৰিছে প্ৰাকৃতিক দুৰ্যোগৰ।

প্রতিবেদনখনত প্ৰকাশ কৰা তথ্য মতে, কেন্দ্ৰীয় জলসম্পদ বিভাগ, নদী উন্নয়ন আৰু গংগা সংৰক্ষণ বিভাগে ভাৰতৰ ভূতত্ত্ব জীপ বিভাগৰ পৰা তথ্য লাভ কৰিছে যে হিমালয়ত থকা মুঠতে ৭৬ টা হিমবাহৰ ভিতৰত নটাকৈ হিমবাঁহ ব্যাপক হাৰত গলিবলৈ ধৰিছে; কিন্তু সামগ্রিকভাবে হিমালয়ত অধিক সংখ্যক হিমবাহেই পূৰ্বৰ তুলনাত অধিক হাৰত গলিবলৈ ধৰাটোও উন্মোচিত হৈছে।

বিভাগটোৱে উনুকিয়াই দিয়া মতে, জলবায়ু পৰিৱৰ্তনৰ ফলত হিমালয়ৰ হিমবাহ ব্যাপক হাৰত গলিবলৈ ধৰাৰ ফলত হিমালয়ক কেন্দ্ৰ কৰি থকা সমগ্ৰ নদী ব্যৱস্থাটোত সোঁতৰ স্বাভাৱিক হাৰত ক্ষতি কৰাৰ উপৰি কেতবোৰ প্ৰাকৃতিক দুৰ্যোগৰো সৃষ্টি কৰিছে।

বিশেষকৈ হিমবাহৰ বিস্ফোৰণে সৃষ্টি কৰা ভয়াৱহ বান পৰিস্থিতি, ভূমিস্খলন ইত্যাদি বৃদ্ধিত অৰিহণা যোগাইছে হিমালয়ৰ বৰফ গলিবলৈ ধৰাৰ ধাৰাবাহিকতাই। ভূতত্ত্ব জৰীপ বিভাগে এই কথাও প্ৰকাশ কৰিছে যে হিমালয়ত ব্যাপক হাৰত বৰফ গলিবলৈ ধৰাৰ ফলত পার্বত্য অঞ্চলত বসবাস কৰা লোকসকলৰ জীৱন নিৰ্বাহ প্ৰণালী আৰু হিমালয়ৰ পাদদেশীয় অঞ্চলৰ নামনিত বসবাস কৰা লোকসকলৰ ওপৰতো কুপ্ৰভাৱ পেলাইছে।

বিশেষকৈ জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু পাৰিপাৰ্শ্বিক সেৱাত ব্যাপক সলনি ঘটা পৰিলক্ষিত হৈছে। সংসদীয় স্থায়ী কমিটীয়ে প্রতিবেদনখনত এই কথাও প্ৰকাশ কৰিছে যে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ স’তে জল ভাণ্ডাৰৰ তথ্য আদান-প্রদানত থকা আসোৱাহৰ বাবেও ভাৰতীয় ভূখণ্ডত বসবাস কৰা লোকসকলে আচম্বিতে প্রাকৃতিক প্রলয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ স’তে তথ্যৰ আদান-প্রদান অধিক সুচল হ’লে অত্যন্ত এনে বিপদৰ পৰা পৰিত্ৰাণৰ বাবে ভাৰতীয়সকলে আগতীয়াকৈ সতৰ্ক আৰু সষ্টম হ’ব পাৰিলেহেঁতেন।

সংসদীয় স্থায়ী কমিটীয়ে জলসম্পদ বিভাগক এই বিষয়টো কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ স’তে আলোচনা কৰি হিমালয়ৰ পাদদেশীয় চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ স’তে নদীত পানীৰ হ্ৰাস- বৃদ্ধি, বৰফ ভাণ্ডাৰৰ পৰিসংখ্যা আৰু বৰফ ভাণ্ডাৰৰ বিস্ফোৰণ আদিৰ সকলো তথ্য যাতে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ পৰা তৎকালে লাভ কৰা যায় সেয়া নিশ্চিত কৰিবলৈ পৰামৰ্শ দিছে।

স্থায়ী কমিটীয়ে প্রতিবেদনখনত এই কথা উল্লেখ কৰিছে যে জম্মু আৰু কাশ্মীৰ তথা হিমাচল প্ৰদেশৰ স’তে লাগি থকা হিমালয়ৰ প্ৰায় ১৬ টা স্থানত বিগত সময়ছোৱাত গ্ৰীষ্ম দিন বৃদ্ধি হোৱাৰ বিপৰীতে শীতৰ দিন হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। বিগত ৩০ টা বছৰৰ ভিতৰত অধিক শীতৰ দিন প্রায় দুইৰ পৰা ছয় শতাংশলৈকে হ্রাস পোৱা বুলিও প্রতিবেদনখনত উল্লেখ কৰা হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে বিদেশৰ বিভিন্ন গৱেষক সংস্থাই হিমালয়ৰ হিমবাহ ব্যাপক হাৰত গলিবলৈ ধৰা বুলি সকীয়াই দি অহাৰ সময়তে এইবাৰ সংসদীয় স্থায়ী কমিটীয়ে হিমালয়ত সৃষ্টি হোৱা জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱে ভাৰতীয় সভ্যতা-সংস্কৃতিলৈ ভাবুকি কঢ়িয়াই অনা বুলি কেন্দ্ৰীয় চৰকাৰে জনোৱা তথ্যই পৰিস্থিতিৰ ভয়াৱহতা অধিক স্পষ্ট ৰূপত প্ৰতিফলিত কৰিছে

Exit mobile version