Phanidhar Talukdar  : ভৱানীপুৰ সমষ্টিত চাৰিটা পথৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন বিধায়ক ফনীধৰ তালুকদাৰৰ

'মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল বিকাশৰ সন্মুখত হু ইজ কেজৰিৱাল' : বিধায়ক ফনীধৰ তালুকদাৰ

f777c0b2 e298 4657 9985 40913849cee3

Phanidhar Talukdar  :

‘অসমলৈ অৰবিন্দ কেজৰিৱাল আহিছে,আহিবলৈ দিয়ক।অসমত কেজৰিৱালৰ কথা কোনেও নুশুনে।অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল বিকাশৰ সন্মুখত,বিশাল উন্নয়নৰ পদক্ষেপৰ সন্মুখত হু ইজ কেজৰিৱাল।

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চাৰিওফালে উন্নতিৰৰ অসমত কেজৰিৱালে পাট্টা নাপায়। দিল্লী হৈছে দেশৰ ৰাজধানী। গতিকে দিল্লীৰ উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেহে পদক্ষেপ লয়।’

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আৰ্মী পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিয়ালক তীব্ৰভাৱে কটাক্ষ কৰি এইদৰে কয় আজি সংবাদ মাধ্যমৰ আগত ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে ভৱানীপুৰ সমষ্টিৰ পুঠিমাৰীত পথ নিৰ্মানৰ আধাৰশিলা স্থাপন অনুষ্ঠানত।

বিধায়ক ফনীধৰ তালুকদাৰে সংবাদ মাধ্যমৰ আগত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে অধিক সৰৱ হৈ কয় যে- ‘অখিল গগৈ এটা পাগল। ভৱানীপুৰৰ মেধিকুছিলৈ আহিলে মাৰ খাব সি।সদনতো বলিয়ালী কৰে সি।

ভৱানীপুৰৰ মেধিকুছিকে ধৰি বিভিন্ন স্থানত হৈ যোৱা বানপানীৰ এক মাহ পাৰ হোৱাৰ পিছতে পহুমাৰা নদীৰ ৰিং বান্ধ হৈছে। বানপানী হৈ যোৱাৰ ছমাহ পাছতহে মথাউৰি নিৰ্মাণ হৈছে।

মুখ্যমন্ত্ৰীয়ে মথাউৰি নিৰ্মানৰ নামত একশ কোটি টকা দিছে। ভৱানীপুৰ বিধানসভা সমষ্টিত দুটা বছৰৰ ভিতৰত ৮০ কিলোমিটাৰ পথ নিৰ্মানৰ বাবে ধনৰ আবণ্টন দিছে।

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি হৈছে।মেধিকুছিৰ পোন্ধৰটা বানপীড়িত পৰিয়ালে বেংকৰ কে ৱাই চি নিদিয়াৰ বাবে এক লাখকৈ টকা চৰকাৰী সাহায্য বেংকৰ এক্যাউণ্টত সোমোৱা নাই। ইতিমধ্যে চৰকাৰে ধন মোকলাই দিছে মেধিকুছিৰ বানাক্ৰান্তৰ বাবে।

তেনেস্থলত মেধিকুছিৰ বানাক্ৰান্ত পৰিয়ালে সাহায্য নোপোৱা বুলি হাহাকাৰ কৰিবলৈ, চিঞৰিবলৈ অখিল গগৈ কোন ? অখিল গগৈয়ে নিজৰ শিৱসাগৰ সমষ্টিৰ বিষয়ে চিন্তা কৰি চিঞৰি থাকক’। উল্লেখ্য যে- বিধায়ক ফনীধৰ তালুকদাৰে আজি ভৱানীপুৰ সমষ্টিৰ পুঠিমাৰীত বাল্লীমাৰী-পহুমাৰা মথাউৰিৰ পৰা শান্তি বজাৰ হৈ পুঠিমাৰী পথ,হকাৰটুপত হকাৰটুটৰ পৰা জানপাৰ হৈ বগুলাপাৰালৈ যোৱা পথ,ৰামছাৰটাৰীত ডালিমৰভিঠাৰ পৰা ৰামছাৰটাৰীলৈ যোৱা পথ আৰু সৰুপেটাত ঠেকাৰ পৰা পাটলা (সৰুপেটাৰ পৰা উলুবাৰী) পথৰ মুঠ চাৰিটা পকী পথৰ নিৰ্মাণ কাৰ্যৰ পৃথকে পৃথকে আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে।

উল্লেখ্য যে- লোক নিৰ্মাণ বিভাগৰ ২০২২-২৩ বৰ্ষৰ এম এম পি পি এন এ আঁচনিৰ জৰিয়তে আটাইকেইটা পথৰ নিৰ্মাণ কাৰ্যত ১০ কোটি,৫৫ লাখ টকা ব্যয় হ’ব।পথ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন অনুষ্ঠানত লোক নিৰ্মাণ বিভাগৰ প্ৰাক্তন সহকাৰী অভিযন্তা ৰাজেন কাকতি, ভৱানীপুৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি বুদ্ধদেৱ পাটগিৰিৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অতিথিৰূপে উপস্থিত থাকে।

Exit mobile version