China : জনসংখ্যা বৃদ্ধিৰ বাবে অভিনৱ প্ৰয়াস চীনত ‘ প্ৰেম কৰাৰ বাবে ‘ এসপ্তাহ ছুটী কলেজত

FIL

China :

‘প্ৰেমত পৰাত বাধা’ নাই, বৰঞ্চ দেশৰ তৰুণ প্রজন্মই যিমান কোনকালে পাৰি প্ৰেমত পৰাটোহে বিচাৰিছে চীনৰ জিনপিং চৰকাৰে। আচলতে ১৯৭৮ত দেশৰ অৰ্থনৈতিক অচলাৱস্থাৰ বাবে বেইজিঙে জনসংখ্যা নিয়ন্ত্ৰণৰ পথ লৈছিল।

এটা পৰিয়ালত এটি সন্তান নির্দিষ্ট কৰি দিয়া হৈছিল। যদিও এতিয়া দেশখনৰ পৰিস্থিতি ভিন্ন। সেয়ে ২০২০ৰ পৰাই বেইজিঙে দেশখনৰ জন্মহাৰ বৃদ্ধিৰ বাবে উদ্যোগী হৈছে। জিনপিঙৰ ৰাজনৈতিক উপদেষ্টাসকলে এই প্ৰসংগত নানা প্রস্তাৱো আগবঢ়াইছে; কিন্তু পৰিস্থিতি ক্রমে জটিল হৈ পৰিছে

সম্প্রতি এই সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিছে চীনৰ একাংশ কলেজ। তেওঁলোকে প্ৰস্তাৱ দিছে যে কলেজৰ ছাত্ৰ-ছাত্ৰীসকলক এসপ্তাহৰ ছুটী দিয়া হওক, যাতে তেওঁলোক প্ৰেমত পৰিব পাৰে।

এক আন্তর্জাতিক সংবাদ মাধ্যমে এই দাবী কৰিছে। উক্ত সংবাদ মাধ্যমে দাবী কৰিছে যে মুঠ নখন কলেজে শিক্ষার্থীক এসপ্তাহৰ ছুটী দিছে। ইয়াৰে অন্যতম মিয়াইয়াং ফ্লাইং ভোকেছনেল কলেজে পহিলা এপ্ৰিলৰ পৰা সাত এপ্ৰিললৈ প্ৰতিষ্ঠানটো বন্ধ দিছে।

শিক্ষার্থীসকলক কোৱা হৈছে প্ৰকৃতি আৰু জীৱনক ভালপাই বসন্তৰ ছুটী উপভোগ কৰিবলৈ। উল্লেখ্য যে চীনৰ জন্মহাৰ বঢ়াবলৈ জিনপিং যথেষ্ট আগ্রহী।

২০২০তে ইয়াৰ বাবে চীন চৰকাৰে ২০২১-২৫ পর্যন্ত পঞ্চবার্ষিকী পৰিকল্পনা আৰম্ভ কৰিছিল। অথচ এতিয়াও সুফল লাভ কৰা নাই। বৃদ্ধি হোৱা নাই জন্মহাৰ।

Exit mobile version