Akhil Bharatiya Sahitya Parishad :অখিল ভাৰতীয় সাহিত্য পৰিষদৰ আজীৱন সদস্য সন্মিলন

WhatsApp Image 2023 04 05 at 2.18.07 PM

Akhil Bharatiya Sahitya Parishad :

 অহা ৭ এপ্ৰিলত  দিনজোৰা কাৰ্যসূচীৰে ৰাতিপুৱা ১০ বজাৰ পৰা দীঘলীপুখৰীস্থিত অসম সাহিত্য সভা চৌহদৰ জয়ন্ত -লখিমী বৰুৱা ভৱনত অখিল ভাৰতীয় সাহিত্য পৰিষদ,অসমৰ আজীৱন সদস্য সন্মিলন ,গ্ৰন্থ উন্মোচন আৰু সাহিত্য পাঠ-অন্তৰঙ্গ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।

পৰিষদৰ ৰাজ্যিক সভাপতি মৃণালিনী দেৱীৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া উক্ত সভাত আগবেলা সাংগঠনিক আলোচনাৰ আগে আগে মৃণালিনী দেৱীৰ ৰচিত লোক সংস্কৃতিমূলক গ্ৰন্থ উন্মোচন কৰিব ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অমলেন্দু চক্ৰৱৰ্তীয়ে।

পৰৱৰ্তী কাৰ্য্যসূচীত পৰিষদৰ সাংগঠনিক আলোচনা আদিৰ পাছত আজীৱন সদস্যৰ স্বৰচিত সাহিত্য পাঠৰ লগতে সাহিত্য বিষয়ক অন্তৰঙ্গ আলাপ অনুষ্ঠিত হব।

পৰিষদৰ সচিব প্ৰধান ডঃ প্ৰণতি তালুকদাৰ মুদিয়াৰে কাৰ্যনিৰ্বাহক সমিতিৰ সকলো সদস্য, ৰাজ্যৰ শাখা পৰিষদ সমূহৰ সভাপতি, সচিৱ আৰু সকলো আজীৱন সদস্যক উক্ত সভাত উপস্থিত থাকিবলৈ এই প্ৰেছ বিজ্ঞপ্তিযোগে বিনম্ৰ অনুৰোধ জনাইছে‌‌।

Exit mobile version