Kedarnath Yatra : এপ্ৰিলত মুকলি হ’ব কেদাৰনাথ ধাম , ভক্তসকলৰ বাবে থাকিব বিশেষ ব্যৱস্থা

1680695427 kedernath

Kedarnath Yatra :

অহা ২৫ এপ্ৰিলত ভক্তসকলৰ বাবে মুকলি কৰা হ’ব কেদাৰনাথ ধাম । এই বছৰ, উত্তৰাখণ্ডত চাৰ ধাম যাত্ৰা আৰম্ভ হ’ব ২২ এপ্ৰিলৰ পৰা ।

যমুনোত্ৰী আৰু গঙ্গোত্ৰীৰ দুৱাৰ মুকলি কৰিব ২২ এপ্ৰিলত ।আনহাতে, বদ্ৰীনাথ মুকলি হ’ব ২৭ এপ্ৰিলত । উত্তৰাখণ্ড পৰ্যটন বিভাগৰ সূত্ৰ অনুসৰি, এইবাৰ ভক্তসকলৰ বাবে বিশেষ ব্যৱস্থা কৰা হ’ব।

খোজকাঢ়ি যাত্ৰা কৰাৰ লগতে হেলিকপ্টাৰেৰে যোৱাৰ ব্যৱস্থাও কৰা হৈছে। এই সেৱাৰ বাবে, ভক্তসকলে আইআৰচিটিচিৰ জৰিয়তে অনলাইন বুকিং কৰিবলৈ সক্ষম হ’ব।

উত্তৰাখণ্ড পৰ্যটন উন্নয়ন ব’ৰ্ডৰ মতে, এই বছৰ চাৰ ধাম যাত্ৰাৰ বাবে ছয় লাখ ৩৪ হেজাৰতকৈও অধিক তীৰ্থযাত্ৰীয়ে পঞ্জীয়ন কৰিছে।

ইয়াৰ ভিতৰত দুই লাখ ৪১ হেজাৰ তীৰ্থযাত্ৰীয়ে কেদাৰনাথ যাত্ৰাৰ বাবে পঞ্জীয়ন কৰিছে। বদ্ৰীনাথ ধামৰ বাবে দুই লাখ এহেজাৰ পঞ্জীয়ন কৰা হৈছে। যমুনোত্ৰীৰ বাবে ৯৫ হেজাৰ ১০৭ জন আৰু গঙ্গোত্ৰী ধাম যাত্ৰাৰ বাবে ৯৬ হেজাৰ ৪৪৯ জন লোকে পঞ্জীয়ন কৰিছে।

ৰাজ্যৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয়, “ভক্তসকলৰ স্বাস্থ্য পৰীক্ষা চাৰধাম যাত্ৰাৰ পূৰ্বে কৰা হ’ব। তেওঁলোকৰ বাবে এটা স্বাস্থ্য এটিএম প্ৰস্তুত কৰা হ’ব।

চাৰধাম যাত্ৰাৰ চিকিৎসাৰ সুবিধাৰ বাবে এই বিশেষ ব্যৱস্থাটোকৰা হৈছে।ৰাজ্য প্ৰশাসনৰ সূত্ৰই জনোৱা অনুসৰি ক’ভিড সম্পৰ্কীয় বিষয়তো বিশেষ সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

তিনি এপ্ৰিলত স্বাস্থ্য মন্ত্ৰী ধন সিং ৰাৱাটে জনাই যে প্ৰয়োজন হ’লে বাছ ষ্টেণ্ড, ৰে’ল ষ্টেচন আৰু বিমানবন্দৰত ক’ভিড টিকাকৰণ শিবিৰ স্থাপন কৰা হ’ব।

Exit mobile version