Bangladesh : আচৰিত ! এক কেজি জেলেপিৰ মূল্য ২০ হেজাৰ টকা

06039bb4 7517 4f68 9dc3 38e993679568

Bangladesh :

এক কেজি জেলেপিৰ দাম কিমান হ’ব পাৰে জানেনে ! এই মিঠাই বিধ খাই কম বেছি পৰিমাণে সকলোৱে ভাল পাই । কিন্তু এনে এবিধ বিশেষ জেলেপি বনাইছে যাৰ দাম শুনি আপুনিও আচৰিত হ’ব । এই বিশেষ জেলেপিৰ দাম হৈছে কেজি ২০ হেজাৰ টকা ।

অবিশ্বাস্য যেন লাগিলেও এইয়ে সত্য । বাংলাদেশৰ ৰাজধানী ঢাকাৰ ইণ্টাৰকণ্টিনেণ্টাল হোটেলত তৈয়াৰ কৰিছে এক জেলেপি ।

বাংলাদেশৰ বাতৰি কাকত প্ৰথম আলোৰ বাতৰি অনুসৰি ৰমজান উপলক্ষে ইণ্টাৰকণ্টিনেণ্টাল হোটেল কৰ্তৃপক্ষই বজাৰত মুকলি কৰিছে এই বিশেষ জেলেপি য’ত শ্বাহি জেলেপিত মেৰিয়াই থোৱা ২৪ কেৰেটৰ সোণৰ পাত আছে।

শেহতীয়াকৈ, তেওঁলোকে নিজৰ ফেচবুক পেজত ‘সোণাৰ জিলিপি’ বিক্ৰী কৰাৰ কথা ঘোষণা কৰে। তেওঁলোকে বুধবাৰৰ পৰা আনুষ্ঠানিকভাৱে গিলিপি বিক্ৰী কৰা আৰম্ভ কৰিছে। প্ৰকাশিত বাতৰি অনুসৰি, প্ৰতি কিলোগ্ৰাম জেলেপিত সোণৰ ২০ পৰা ২২ টা পাত সোণ থাকিব।

এজন গ্ৰাহকে কমেও ২৫০ গ্ৰাম জেলিপি কিনিব লাগিব। অৰ্থাৎ ইয়াৰ মূল্য হ’ব পাঁচ হেজাৰ টকা। ইণ্টাৰকণ্টিনেণ্টাল হোটেলখনে ইতিমধ্যে ইফতাৰৰ বাবে কেবা কিলোগ্ৰাম জেলেপি যোগান ধৰাৰ অৰ্ডাৰ লাভ কৰিছে।

Exit mobile version