Bhawanipur : আনন্দ বজাৰ-পাটলা-শান্তি বজাৰ সংযোগী পথ পকীকৰণৰ আৰম্ভ বিধায়ক ফণীধৰ তালুকদাৰৰ

436b4365 db97 40c2 a466 6c9a19673e01

Bhawanipur :

এতিয়া ভাৰতবৰ্ষৰ শ্রেষ্ঠ মুখ্যমন্ত্ৰী হ’ল অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ তেওঁক কোনোৱে অপাত্র বুলি ক’ব সেয়া কোনোৱে নেমানে৷প্রাক্তন বিধায়ক অশোক শৰ্মাৰ এইটো হয় জিভা পিছলি কোৱা কথা নহয় তেওঁ নেজানে৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মস্পৃহা সকলোৱে জানে৷এই মন্তব্য ৪১ নং ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰৰ৷

বিধায়ক তালুকদাৰে আজি ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত দুটাকৈ গুৰুত্বপূৰ্ণ পথ বাগ্‌সাৰ আনন্দ বজাৰ-পাটলা-শান্তিবজাৰ সংযোগী পথ আৰু সৰুপেটা ৰেলৱে ষ্টেচন সংযোগী পথৰ নিৰ্মাণৰ আৰম্ভ কৰি সংবাদ মাধ্যমৰ আগত এইদৰে কয়৷

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভৱানীপুৰ সমষ্টিত আশী কিল’মিটাৰ ৰাস্তাৰ কাম চলি আছে বুলিও কয় বিধায়ক গৰাকীয়ে৷তেওঁ কয়,ভৱানীপুৰ সমষ্টি উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি থকাৰ কথা মই প্রায়ে মুখ্যমন্ত্ৰীক জনাই আহিছোঁ৷

তেওঁ সকলোবিলাক কাম আগন্তুক তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলি আমাক আশ্বাস দিছে৷ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা থকা আনন্দ বজাৰ-পাটলা-শান্তিবজাৰ সংযোগী পথছোৱা তিনি কোটি টকা ব্যয় সাপেক্ষে পকীকৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে বিধায়ক তালুকদাৰে৷

আজিৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰাইজৰ স’তে আনন্দ বজাৰত এখন মতবিনিময় সভাও অনুষ্ঠিত হয়৷সভাত বিধায়ক তালুকদাৰে কয়,নিৰ্বাচনৰ আগতে কোৱা কথাৰ সপোনটো আজি পূৰণ হ’ল৷

আজি মই অত্যন্ত সুখী৷ইয়াৰ লগতে এটি আৰু সুখবৰ যে অচিৰেই সাউদৰভিঠাৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথটোও পকীকৰণ কৰা হ’ব৷উল্লেখযোগ্য যে লোক নিৰ্মাণ বিভাগৰ মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিৰ জড়িয়তে নিৰ্মাণ কৰিব লগা পথৰ আৰম্ভ সভাত লোক নিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা পবিত্র দাস,ভৱানীপুৰ মণ্ডল বিজেপিৰ সভাপতি সঞ্জীৱ নাথ,উপ সভাপতি তথা প্ৰাক্তন এমচিএলএ চক্ৰধৰ দাস,দেবেন্দ্ৰ বিজয় দাস,কনক নাথকে ধৰি একাধিক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷

Exit mobile version