Rhino Attack In Kaziranga:কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত অঘটন !

বাইক অহা পিতা-পুত্ৰক গড়ৰ ভয়ংকৰ আক্ৰমণ , আহত পিতা-পুত্ৰ

WhatsApp Image 2023 04 13 at 12.16.45 PM

Rhino Attack In Kaziranga:

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল কৰিডৰত ভয়ংকৰ ঘটনা ৷ বাইকত আহি থকা অৱস্থাত পিতা-পুত্ৰক গড়ৰ আক্ৰমণ ৷ ফলত গুৰুত্বভাৱে আহত হয় দুয়ো ৷

উদ্যান খনৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেদি তেজপুৰৰ বোকাখাতলৈ বাইকেৰে গৈ থকা সময়তে হঠাৎ জংঘলৰ মাজৰ পৰা অহা পথত হালধিবাৰী এনিমেল কৰিডৰৰ কেয়ামৰা দলংৰ সমীপত এটা গড়ে বাইকত প্ৰচণ্ড মাৰে ৷ ফলত বাইক চালক দুগ্ধদেৱ মহন্ত আৰু তেওঁৰ বাৰ বছৰীয়া কিশোৰ পুত্ৰ বাইকসহ উফৰি পৰে ৷

অৱশ্যে ঘটনাটো সংঘটিত কৰি গড়টো ঘন জংঘললৈ গুচি যায় ৷ গুৰুত্বৰভাৱে আহত হৈ ৰাজপথত পৰি থকা অৱস্থাত পিতা- পুত্ৰক পথচাৰীয়ে ততাতৈয়াকৈ চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷

Exit mobile version