Gangstar Atiq Ahmed With Brather Shot Dead In UP :প্ৰয়াগৰাজত কুখ্যাত গেংষ্টাৰ আটিক আহমেদক এনকাউন্টাৰ

আৰক্ষীৰ সন্মুখতেই আততায়ীয়ে গুলীয়াই হত্যা কৰিলে গেংষ্টাৰ আতিক সহ ভাতৃ আশ্ৰফকো

WhatsApp Image 2023 04 16 at 4.09.53 PM 1

Gangstar Atiq Ahmed With Brather Shot Dead In UP :

হিন্দী বলৱৰ অন্যতম বৃহৎ ৰাজ্য উত্তৰ প্ৰদেশত দিনক দিনে বৃদ্ধি পাইছে বিভিন্ন অপৰাধ মূলক কাৰ্যকলাপ ৷ যোগী আদিত্যনাথ দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত হৈ অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈছে যদিও অপৰাধীয়ে কেতবোৰ স্থানত বাহৰ পাতি অব্যাহত ৰাখিছে নানান অপকৰ্ম ৷

এইক্ষেত্ৰত আৰক্ষীয়ে ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে যদিও শনিবাৰে নিশা ৰাজ্য খনৰ প্ৰয়াগৰাজত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷
আৰক্ষী-সংবাদ মাধ্যমৰ সন্মুখতেই গুলিয়াই হত্যা কৰা হ’ল কুখ্যাত গেংষ্টাৰ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক ।
আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে নি থকা সময়ত অচিনাক্ত দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে মাফিয়া দুটাক ৷

উল্লেখ্য যে, কুখ্যাত গেংষ্টাৰ কেইজনক চিকিৎসাৰ বাবে নি থকা সময়ত ঘটনাস্থলীত নিৰাপত্তাৰ বাবে উপস্থিত আছিল ১৭ গৰাকীকৈ আৰক্ষী বিষয়া ৷

কিন্তু আততায়ীয়ে গুলীচালনা কৰা সময়ছোৱাত আততায়ীক ৰোধীবলৈ এজনো আৰক্ষী আগবাঢ়ি নাহি বৰং নিৰাপদ দূৰলৈ লৰ মাৰে ৷ অৱশ্যে ঘটনাটো সংঘটিত হৈ যোৱাা পাছতহে দুৰ্বৃত্তক কৰায়ত্ত কৰে আৰক্ষীয়ে ৷

শনিবাৰে নিশা সংঘটিত হোৱা ঘটনাত ইতিমধ্যে আটক হোৱা তিনি দুৰ্বৃত্তৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে তিনিটা পিষ্টল , এখন মটৰ চাইকেল, এটা কেমেৰা আৰু নিউজ চেনেলৰ লগ ৷

সন্দেহ কৰা মতে তিনি দুৰ্বৃত্তই সংবাদকর্মী বেশত উপস্থিত আছিল ৷ ডিঙিত ওলমাই লৈছিল সংবাদকর্মীৰ পৰিচয়পত্র ৷  আটক হোৱা আততায়ী কেইটা হ’ল লবলেছ তিৱাৰী, অৰুণ মৌর্য আৰু ছন্নী চৌহান ৷

উল্লেখ্য যে,এই চাঞ্চল্যকৰ ঘটনাৰ পাছতে উদ্থাপন হৈছে কেতবোৰ প্ৰশ্ন ৷ দোষী সাব্যস্ত কৰা আৰু শাস্তি প্ৰদান কৰাটো ন্যায়ালয়ৰ কাম । অপৰাধী হ’লেও সাধাৰণ জনতাই আইন হাতত তুলি ল’ব নোৱাৰে । কিন্তু শনিবাৰৰ ঘটনাই উত্তৰ প্ৰদেশ আৰক্ষীৰ কাৰ্যক্ষমতা আৰু দক্ষতা সন্দৰ্ভত উদ্থাপিত হৈছে বহু প্ৰশ্ন ৷

আনহাতে এই লোমহৰ্ষক হত্যাকাণ্ডৰ পাছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজি দুপৰীয়া আৰক্ষী আৰু সাধাৰণ প্ৰশাসন বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গৰে ৰাজধানী এক জৰুৰী বৈঠকত মিলিত হৈ উচ্চস্তৰীয় তদন্ত ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ একেদৰে তদন্ত বাবে গঠন কৰে তিনিজনীয়া তদন্ত কমিটি ৷

শেহতীয়া খবৰ অনুসৰি উত্তৰ প্ৰদেশত ১৪৪ ধাৰা জাৰি কৰাৰ লগতে প্ৰয়াগৰাজত পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট সেৱা ৷

Exit mobile version