kalbari Sri Sri Ramsaran Ata Satra :কলবাৰীৰ শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ সংখ্যক পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহৰ লাইখুটা স্থাপন

WhatsApp Image 2023 04 16 at 6.52.58 PM

kalbari Sri Sri Ramsaran Ata Satra:

ভৱানীপুৰ সমষ্টিৰ কলবাৰী গাঁৱৰ সত্ৰীয়া সংস্কৃতিৰে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰত তিনিদিনীয়াকৈ উদযাপন হ’বলগীয়া ৯১ সংখ্যক পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহৰ কালি সত্ৰ চৌহদত আনুষ্ঠানিকভাৱে লাইখুটা স্থাপন কৰা হয়।

শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ ভকত-আয়তীৰ হৰিধ্বনি,নাম কীৰ্তন,শংখ,বৰকাহ,ভোৰতাল,খোলৰ ধ্বনিৰে দিনৰ এঘাৰ বজাত লাইখুটা স্থাপন কৰে জ্যোষ্ঠ বীৰনামৰ শিল্পী তথা পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি কল্যাণ দাসে।

লাইখুটা স্থাপনৰ প্ৰকমূহূৰ্তত লাইখুটা শুদ্ধিকৰণ কৰে শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ মুখ্য পাঠক হৰেকৃষ্ণ দাসে।পতাকা উত্তোলন কৰে পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহৰ উদযাপন সমিতিৰ সম্পাদক পৰীক্ষিত বায়নে।

বন্তি প্ৰজ্বলন কৰে ক্ৰমে- সত্ৰৰ ভক্তবৃন্দ অশ্চিনী কলিতা, ৰত্নেশ্বৰ দাস আৰু কুশল দাসে। উল্লেখ্য যে- অহা ৪,৫আৰু ৬ এপ্ৰিলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে কলবাৰী শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰত ৯১ সংখ্যক পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহৰ আয়োজন কৰা হৈছে ।

এই উদ্দেশ্যে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক মুখ্য উপদেষ্টা, বিধায়ক ফনীধৰ তালুকদাৰক সভাপতি,কল্যান দাসক কাৰ্যকৰী সভাপতি,কিংকৰ দাসক উপ সভাপতি,পৰীক্ষিত বায়নক সম্পাদক,কৃপাল দাস আৰু মাণিক দাসক সহকাৰী সম্পাদকৰূপে লৈ এখন উদযাপন সমিতিও গঠন কৰা হৈছে।

Exit mobile version