Bhawanipur : ভৱানীপুৰ উন্ন‌ন খণ্ডত পঞ্চদশ বিত্তীয় আয়াগৰ আঁচনিৰ উদ্বোধন বিধায়ক ফনীধৰ তালুকদাৰৰ

d843f989 c607 4811 a562 4838e5516908

Bhawanipur :

“ভাৰতবৰ্ষৰ ভিতৰত এতিয়া তৃতীয় স্থানত আছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। ভাৰতবৰ্ষৰ প্ৰথম স্থানত আছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, দ্বিতীয় স্থানত আছে গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু ইয়াৰ পাছতে তৃতীয় স্থানত আছে ড° হিমন্ত বিশ্ব শৰ্মা।

ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম সৰ্বদিশত উন্নয়নেৰ আগুৱাইছে।অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জৰিয়তে অসমৰ গাঁৱৰ ধাৰাবাহিক উন্নয়ন অব্যাহত আছে।

গান্ধীজীয়ে পঞ্চায়তীৰাজ ব্যৱস্থাৰে গাঁৱৰ উন্নয়ন কৰিব বিচৰাৰ সপোনক অসমত সঠিক মূল্য দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰতি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জৰিয়তে।

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত এতিয়া তাহানিৰ দৰে ৬০/৪০ৰ দিন নাই।অসমত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জৰিয়তে দুৰ্নীতিমুক্তভাৱে আঁচনিবোৰ ৰূপায়িত হৈছে।’ এইদৰে কয় ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে ।

আজি ভৱানীপুৰ উন্নয়ন খণ্ড এলেকাৰ ষোল্লখন গাওঁ পঞ্চায়তৰ পঞ্চদশ বিত্তীয় আয়োগৰ আঁচনিৰ উদ্বোধন কৰি দিয়া ভাষণত ।

উল্লেখ্য যে আজি সৰুপেটাৰ মিলন মন্দিৰ প্ৰাংগনত ভৱানীপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় কৰ্তৃপক্ষৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত ভৱানীপুৰ বিধানসভা সমষ্টিৰ ভৱানীপুৰ উন্নয়ন খণ্ড এলেকাৰ ষোল্লখন গাওঁ পঞ্চায়তত পঞ্চদশ বিত্তীয় আয়োগৰ আঁচনিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

ভৱানীপুৰ উন্নয়ন খণ্ডৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া নিৰ্মল দাসে আত ধৰা উদ্বোধনী সভাত বৰপেটা জিলা পৰিষদৰ সভাপতি ৰঞ্জিত শালৈ, ভৱানীপুৰ আঞ্চলিক পঞ্চায়তৰ অধ্যক্ষ বুদ্ধদেৱ পাটগিৰিয়েও ভাষণ দিয়াৰ লগতে ভৱানীপুৰ খণ্ড উন্নয়ন বিষয়া ভৱানী পেগু,যুৱ নেতা নাগেশ কুমাৰ বৈশ্যয়ো অতিথিৰূপে উপস্থিত থাকে।

উল্লেখ্য যে ভৱানীপুৰ উন্নয়ন খণ্ডত ষোল্লখন গাওঁ পঞ্চায়তত পঞ্চদশ বিত্তীয় আয়োগ আঁচনিৰ তিনি কোটি,২৮ লাখ টকা ধাৰ্য কৰা হৈছে। উক্ত ধনেৰে গাওঁ সমূহৰ উন্নয়নৰ আঁচনি গ্ৰহণ কৰা হৈছে।

Exit mobile version