Defence Minister Rajnath Singh:
চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ সঘন আগ্ৰাসনক কেন্দ্ৰ কৰি সীমান্তত ক্ৰমাৎ জটিল হৈ পৰিছে দুই ৰাষ্ট্ৰৰ সম্পৰ্ক। ভাৰতক প্ৰত্যাহ্বান জনাই সীমান্তৰ উত্তৰ-পশ্চিম খণ্ডত চীনে পিএলএ নিয়োগৰ পাছতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ভাৰতীয় সেনাক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছে।
প্ৰতিৰক্ষা মন্ত্রীজনে আজি কয় যে দেশক সুৰক্ষা প্ৰদান চৰকাৰৰ বাবে | সৰ্বাধিক অগ্ৰাধিকাৰৰ বিষয়। লক্ষ্যণীয় যে চীনৰ আগ্ৰাসন ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলতো ক্ষিপ্ৰতাৰে পাঁচশ আৰু ১,৫০০ কিলোমিটাৰ দূৰত্ব ভেদী ক্ষেপণাস্ত্র ‘প্রলয়’ আৰু ‘নিৰ্ভয়’ সংস্থাপনকৰিবলৈ সিদ্ধান্ত লৈছে।
একে সময়তে সীমান্তত সমুখসমৰত লিপ্ত হোৱাৰ সময়ত চীনা সৈন্যৰ কথোপকথনৰ জৰিয়তে তেওঁলোকৰ যুদ্ধ-কৌশল আয়ত্ত কৰিবলৈ ভাৰতীয় সেনা জোৱানসকলক অসমৰ তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ত চীনা ভাষা শিকাবলৈ আজি বিশ্ববিদ্যালয়খনৰে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে ভাৰতীয় সেনাই। চীন সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাত সেনাক সষ্টম হৈ থকাৰ নিৰ্দেশ
চুবুৰীয়া ৰাষ্ট্ৰ চীনে ভাৰতীয় সীমান্তৰ উত্তৰ-পশ্চিম খণ্ডত প্ৰকৃত নিয়ন্ত্রণ ৰেখাৰ কাষতে বৃহৎ হাৰত চীনা সৈন্য নিয়োজিত কৰাৰ পাছতে সীমান্তত সর্বাধিক সতর্কতা অৱলম্বন কৰি সষ্টম হৈ থাকিবলৈ আজি ভাৰতীয় সেনাক নিৰ্দেশ দিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
আজি নতুন দিল্লীত ‘আর্মী কমাণ্ডাৰ্ছ কনফাৰেন্স’ত অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰীজনে সশস্ত্র বাহিনীক সমগ্ৰ বিশ্বৰ ভৌগোলিক-ৰাজনৈতিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি শত্ৰুৰ বিৰুদ্ধে পরিকল্পনা আৰু কৌশল যুগুতাবলৈ আহ্বান জনায়। মন্ত্রী সিঙে লগতে কয় যে চীন সীমান্তত বেইজিঙে হঠাতে উত্তৰ-পশ্চিম খণ্ডত পিএলএৰ বিষয়া-জোৱানক বৃহৎ হাৰত নিয়োজিত কৰাৰ বিষয়টোৱে সীমান্তত উত্তেজনাৰ সৃষ্টি কৰিছে।
এই মুহূৰ্তত ভাৰতীয় সশস্ত্র বাহিনীসমূহ বিশেষকৈ ভাৰতীয় সেনা বাহিনীয়ে নিয়ন্ত্ৰণ ৰেখাক সুৰক্ষিত ৰখাৰ বাবে ধাৰাবাহিকভাৱে সতর্কতা অৱলম্বন কৰিব লাগে। এই প্ৰসংগতে সিঙে ভাৰতীয় সেনা বাহিনীক মনোবল যোগাই ঘোষণা কৰে যে সীমান্তত নিয়োজিত প্রতিজন সেনা জোৱানকে শ্রেষ্ঠ মাৰণাস্ত্ৰ আৰু সা-সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। উত্তৰ-পূবত নিয়োজিত কৰা হ’ব ‘প্রলয়’ আৰু ‘নিৰ্ভয়’
চুবুৰীয়া ৰাষ্ট্ৰ চীনে ভাৰতক প্ৰত্যাহ্বান জনাই দুয়ো ৰাষ্ট্ৰৰ মাজত থকা ৩৪৮৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ গাতে লগাকৈ পিএলএৰ ৰকেট ৰেজিমেন্টক নিয়োজিত কৰাৰ পাছতে চীনক প্ৰত্যাহ্বান জনাবলৈ এইবাৰ সমৰ কৌশল সলনি কৰিলে নতুন দিল্লীয়ে।
চুবুৰীয়া ৰাষ্ট্ৰ নেপালক প্রলোভিত কৰি চীনে শিলিগুৰি কৰিড’ৰ আৰু অৰুণাচল প্ৰদেশত উত্তৰ-পূৰ্বাঞ্চলৰ বিৰুদ্ধে আগ্রাসী স্থিতি গ্ৰহণ কৰাৰ সময়তে ভাৰতীয় প্ৰতিৰক্ষা মন্ত্রণালয়েও উত্তৰ- পূৰ্বাঞ্চলক সুৰক্ষিত ৰাখিবলৈ গ্ৰহণ কৰিছে নতুন পৰিকল্পনা। সেই অনুসৰি চীনক যিকোনো মুহূর্ততে ভেটা দিবলৈ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিকল্পকসকলে হ্রস্ব দূৰত্ব ভেদি ক্ষেপণাস্ত্র সংস্থাপন কৰিবলৈ সিদ্ধান্ত লৈছে।
সেই মর্মে অসমসহ উত্তৰ- পূর্বাঞ্চলত শীঘ্ৰে পাঁচশ কিলোমিটাৰ দূৰত্বভেদী ক্ষেপণাস্ত্ৰ ‘প্ৰলয়’ আৰু ১৫০০ কিলোমিটাৰ দূৰত্বভেদী ক্রুইজ মিছাইল ‘নির্ভয়’ স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছে। ইতিমধ্যে ভাৰতীয় প্ৰতিৰক্ষা সংস্থা ডিআৰডিঅ’ৱে ‘প্রলয়’ আৰু ‘নিৰ্ভয়’ৰ অনুশীলনীও সফলতাৰে সমাপন কৰিছে।
লক্ষ্যণীয় যে চীনেও উত্তৰ-পূৰ্বাঞ্চলৰ গাতে লগাকৈ শিলিগুৰি কৰিড’ৰৰ কাষৰ য়াটং অঞ্চলত ৭০ কিলোমিটাৰ দূৰত্বভেদী ভূমিৰ পৰা আকাশমাৰ্গৰ লক্ষ্যভেদ কৰিব পৰা ক্ষেপণাস্ত্ৰ স্থাপন কৰিছে। চীনৰ মূল লক্ষ্য হ’ল যিকোনো জৰুৰীকালীন সময়ত চিকেননেকৰ ওপৰেৰে ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান পাৰ হ’ব ধৰোতেই ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰা। চীনৰ এই যুদ্ধ কৌশলক ব্যৰ্থ কৰিবলৈ ভাৰত চৰকাৰে শিলিগুৰিৰ পৰা আৰম্ভ কৰি সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলতে ‘প্রলয়’ আৰু “নির্ভয়’ক নিয়োগ কৰিব |
তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত চীনা ভাষা শিকিব ভাৰতীয় সেনাই :-
সীমান্তত চীনা সৈন্যৰে মুখামুখি হোৱাৰ সময়ত চুবুৰীয়া ৰাষ্ট্ৰখনৰ সেনাৰ কথোপকথন বুজি লৈ শত্ৰুৰ ৰণকৌশল প্রতিহত কৰিবলৈ ভাৰতীয় সেনাই এইবাৰ শিকিব চীনা ভাষা। বিগত সময়ত চীনা সৈন্যই লাডাখ, ছিকিম আৰু অৰুণাচল সীমান্তত অব্যাহত ৰখা আগ্ৰাসনৰ প্ৰতি লক্ষ্য ৰাখি চীনা সীমান্তত নিয়োজিত ভাৰতীয় সেনাৰ জোৱানসকলক চীনা ভাষা শিকাবলৈ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে।
উল্লেখ্য যে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত সেনা জোৱানসকলক ১৬ সপ্তাহৰ এক পাঠ্যক্ৰমেৰে চীনা ভাষা শিকোৱা হ’ব। বিশ্ববিদ্যালয়খনত ভাৰতীয় সেনাক বিদেশী ভাষা শিকোৱাৰ বাবে আজি তেজপুৰস্থিত সেনাবাহিনীৰ চতুৰ্থ ‘ক’ৰ আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়।
এই অনুষ্ঠানত উপস্থিত থাকে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক শম্ভুনাথ সিঙো। উল্লেখ্য যে ১৯৯৪ত স্থাপিত তেজপুৰ বিশ্ববিদ্যালয় বিদেশী ভাষা শিকনৰ ক্ষেত্ৰত দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ এখন আগশাৰীৰ শৈক্ষিক অনুষ্ঠান। আন বিদেশী ভাষাৰ লগতে বিশ্ববিদ্যালয়খনত চীনা ভাষাৰো শিক্ষাদান কৰা হয় ।
ভাৰতীয় সেনাবাহিনীয়ে সদৰী কৰা মতে, চীনা ভাষা আয়ত্ত কৰাৰ ফলত সময়সাপেক্ষ দেশৰ সেনাবাহিনীয়ে চীনা সেনাৰ লগত সম্পৰ্ক ৰক্ষাৰ সক্ষমতা বৃদ্ধি কৰিব। বিশেষকৈ চীনা সৈন্যৰে অনুষ্ঠিত হোৱা অধিনায়ক পৰ্যায়ৰ আলোচনা, ফ্রেগ মিটিং, যুটীয়া অনুশীলন আৰু সীমা সম্পৰ্কীয় বিষয়ৰ আলোচনাত সহায় কৰাৰ লগতে তেওঁলোকৰ প্ৰতিক্ৰিয়া আৰু বিষয়সমূহ স্পষ্টকৈ বুজাত সহায় কৰিব।