Guwahati State Zoo : উৎকট গৰমৰ পৰা জীৱ জন্তুসকলে পৰিত্ৰাণ পাবলৈ গুৱাহাটী চাৰিয়াখানাৰ কৰ্তৃপক্ষৰ বিশেষ পদক্ষেপ

Screenshot 459

Guwahati State Zoo :

বহাগৰ পহিলা দিনটোৰ পৰাই আৰম্ভ হোৱা উৎকট গৰমে এক প্ৰকাৰ জ্বলাকলা খুৱাইছে ৰাজ্যবাসীক ৷ উৎকত এই গৰমৰ পৰা হাত সাৰিবলৈ বিভিন্ন সময়ত মানুহে বেলেগ বেলেগ পন্থা হাতত লয়।

যেনে বিচনী,ফেন , এচি আদি। ইয়াৰ ওপৰিও গৰমৰ পৰা নিজকে শীতল কৰিবলৈ বহুলোকে শীতল পানীয়ও খাই ।উৎকত এই গৰমে ৰাজ্যবাসীক জ্বলা কলা খোৱাৰ লগতে জীৱ জন্তুসমূহকো হাৰা খাস্তি কৰিছে ।

এই ক্ষেত্ৰত গুৱাহাটী চাৰিয়াখানা কৰ্তৃপক্ষই জীৱ- জন্তুক গৰমৰ পৰা ৰক্ষা পাবলৈ ল’লে বিশেষ পদক্ষেপ ।উল্লেখ্য যে জীৱ জন্তুসকলৰ গৰম লাগিলেও গছৰ বতাহৰ বাহিৰে অন্য একো উপাই নাই বাবেই গুৱাহাটী চাৰিয়াখানা কৰ্তৃপক্ষই জীৱ জন্তুসকলৰ বাবে যোগান ধৰিলে ঠাণ্ডা পানীৰ চাৱাৰ লগতে ফেন  ।

গৰমত ঠাণ্ডা পানীৰে পানী পাই আনন্দত খেলিছে চিৰিয়াখানাৰ জীৱ জন্তু। ইফালে যদি ভালুক আনফালে বনৰজা ।গুৱাহাটী চাৰিয়াখানাৰ কৰ্তৃপক্ষৰ এই পদক্ষেপক এতিয়া বিভিন্নজনে প্ৰশংসাৰে উপচাই পেলাইছে ।

Exit mobile version