Amritpal Singh : পাঞ্জাৱ বা দিল্লীৰ কাৰাগাৰত নাৰাখি কিয় অসমৰ কাৰাগাৰত ৰখা হ’ল খালিস্তানি নেতা অমৃতপালক সিঙক

Amritpal SIngh 2

Amritpal Singh :

অৱশেষত ৩৬ দিনৰ অন্তত পাঞ্জাৱৰ পৰা গ্ৰেপ্তাৰ কৰা হ’ল অমৃতপালক সিঙক । কিন্তু তেওঁক পঞ্জাৱ বা দিল্লীৰ কাৰাগাৰত ৰখাৰ পৰিৱৰ্তে অসমলৈ কিয় লৈ যোৱা হয় ? কিয় তেওঁৰ সহযোগীসকলকো ৰখা হৈছে অসমৰ কাৰাগাৰত ?

৩৬ দিন পলাতক হৈ থকাৰ পাছত দেওবাৰে পঞ্জাৱৰ মোগাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল অমৃতপালক। অৱশ্যে, তেওঁৰ ঘনিষ্ঠ সূত্ৰই দাবী কৰা অনুসৰি খালিস্তানি নেতাজনে নিজেই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ।

এই সন্দৰ্ভত পঞ্জাৱ আৰক্ষীৰ মহাপৰিদৰ্শক শিখচেইন সিং গিলে জনাই , “দেওবাৰে পুৱা প্ৰায় ৭.৪৫ বজাত মোগা ৰোড গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হয় অমৃতপালক। ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হয় । এক গোপন সূত্ৰৰ জৰিয়তে আৰক্ষীয়ে গোটেই গাওঁখন ঘেৰাও কৰে। ফলত তেওঁৰ ওচৰত কোনো বিকল্প নাছিল।

গতিকে তেওঁ আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় । “আ ই জি জনে লগতে জনাই যে,গ্ৰেপ্তাৰ হোৱাৰ পাছত , অমৃতপালক অসমৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ।

কিন্তু পঞ্জাৱ বা দিল্লীত উচ্চ সুৰক্ষাৰ কাৰাগাৰ থকা স্বত্বেও খলিস্তানী নেতাজনক কেবা শ কিলোমিটাৰ দূৰত থকা অসমলৈ কিয় লৈ যোৱা হয় ?

এই বিষয়ে কি কয় আৰক্ষীয়ে ?

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, পঞ্জাৱ আৰু দিল্লীৰ যি কাৰাগাৰত অমৃতপালক ৰখা সম্ভৱ আছিল , সেই সকলো কাৰাগাৰত বিভিন্ন ৰাজ্যৰ গেংষ্টাৰ বন্দী হৈ আছে ।

ইয়াৰ উপৰিও, এই কাৰাগাৰত বন্দী কিছুমান গেংষ্টাৰ খালিস্তান সংগঠনৰ স’তে ভাল সম্পৰ্ক আছে। ফলস্বৰূপে, তেওঁলোকক পঞ্জাৱ বা দিল্লীৰ কাৰাগাৰত ৰখাৰ ফলত অমৃতপালে সেই গেংষ্টাৰসকলৰ স’তে এটা দল গঠন কৰাৰ সম্ভাৱনা শক্তিশালী হ’ব।

কেৱল সেয়াই নহয়, কাৰাগাৰৰ নিৰাপত্তাও বিচলিত হ’ব পাৰে। পঞ্জাৱ আৰু দিল্লী আৰক্ষীয়ে কোনো সুযোগ ল’ব নিবিচাৰিছিল।

খলিস্তানী নেতাক বন্দী কৰি ৰাখিবলৈ অসমক কিয় বাছনি কৰা হৈছিল? ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ ১৮৫৯-‘৬০ চনত নিৰ্মাণ কৰা হয় । যিটো ৰাজ্যখনৰ আটাইতকৈ সুৰক্ষিত কাৰাগাৰ। এইখন উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি কাৰাগাৰ।

বিচ্ছিন্নতাবাদী সংগঠন আলফাৰ বহুতো শীৰ্ষ নেতাক এই কাৰাগাৰত ৰখা হৈছিল। ফলস্বৰূপে, আৰক্ষীয়ে কঠোৰ নিৰাপত্তাৰ অধীনত থকা কাৰাগাৰখন সুৰক্ষিত বুলি আৰক্ষীয়ে অনুমান কৰে।

কেৱল অমৃত পালেই নহয়, তেওঁৰ ঘনিষ্ঠ সহযোগী পপলপ্ৰীত সিঙকে ধৰি আন নজনক ইতিমধ্যে কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছে।

খালিস্তানি নেতা আৰু তেওঁৰ সহযোগীসকলক কাৰাগাৰলৈ অনাৰ পাছত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।কাৰাগাৰৰ এজন বিষয়াই জনাই যে তেওঁলোকে নিৰাপত্তাৰ কোনো ব্যৱধান এৰিব নিবিচাৰে। খলিস্তানীসকলক অনাৰ পাছৰে পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰখন বহুস্তৰীয় নিৰাপত্তাৰ অধীনত ঘেৰাও কৰা হৈছে।

উল্লেখ যোগ্য যে , য’ত খালিস্তানি নেতা আৰু তেওঁৰ সহযোগীসকলক ৰখা হৈছে তাত চিচিটিভি কেমেৰা আৰু শক্তিশালী চাৰ্চ লাইটৰো ব্যৱস্থা কৰা হৈছে । কাৰাগাৰৰ সূত্ৰ অনুসৰি, চিআৰপিএফৰ উপৰিও কাৰাগাৰৰ নিৰাপত্তাৰ বাবে কমাণ্ডো বাহিনী মোতায়েন কৰা হৈছে।

Exit mobile version