Asom Sahitya Sabha’s Basudev Jalan Award To Devi Prasad Bagrodia :চিৰ চেনেহী মোৰ ভাষা জননী”

দেবীপ্রসাদ বাগড়োদিয়ালৈ অসম সাহিত্য সভাৰ বাসুদেৱ জালান সোঁৱৰণি বঁটা-২০২২

305c9787 33d6 4951 9b3e e1f434415fd8

Asom Sahitya Sabha’s Basudev Jalan Award To

Devi Prasad Bagrodia :

অসম সাহিত্য সভাই প্রতি দুবছৰৰ মূৰে মূৰে পাঠশালা তথা বৃহত্তৰ অঞ্চলৰ সমাজ-সংস্কৃতিৰ লগত ওতপ্রোতঃভাৱে জড়িত বিশিষ্ট সমাজসেৱী, মানৱতাবাদী, পৰোপকাৰী ব্যক্তি বাসুদেৱ জালানৰ সোঁৱৰণত বাসুদেৱ জালান সোঁৱৰণি বঁটা প্ৰদান কৰি আহিছে।

এইবাৰ এই বাসুদেৱ জালান সোঁৱৰণি বঁটা – ২০২২, ডিব্ৰুগড়ৰ বিশিষ্ট লেখক, অনুবাদক, সমাজসেৱী দেবীপ্রসাদ বাগড়োদিয়াক প্ৰদান কৰা হ’ব।

দেবীপ্রসাদ বাগড়োদিয়াই অসমীয়া বিভিন্ন গ্রন্থ বিশেষকৈ শ্ৰীশ্ৰী শংকৰদেৱ ৰচিত ধর্মীয় গ্রন্থ গুণমালা, বৰগীত আৰু শ্ৰীশ্ৰীমাধৱদেৱ ৰচিত ধর্মীয় গ্রন্থ নামঘোষা লগতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গ্ৰন্থ আৰু ড° নগেন শ‍ইকীয়াৰ মিতভাষ আদি গ্রন্থ হিন্দী ভাষালৈ অনুবাদ কৰি ৰাইজৰ সমাদৰ লাভ কৰিছে।

সাত মে’ত ডিব্ৰুগড়ৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিতব্য বঁটা প্রদান অনুষ্ঠানত এই বঁটাটি তেখেতক প্ৰদান কৰা হ’ব বুলি প্ৰধান সম্পাদক ড° উপেন্দ্রজিৎ শর্মাই এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে।

Exit mobile version