Dhing Book Release: ধিঙৰ জাগৰণ সাহিত্য গোষ্ঠীৰ গ্ৰন্থ উন্মোচনী সভা

bookrelease

Dhing Book Release:

ধিং জাগৰণ সাহিত্য গোষ্ঠীৰ সৌজন্যত আৰু ধিং প্ৰেছ ক্লাৱৰ সহযোগত কাব্যগ্ৰন্থ উন্মোচন । আশুতোষ বিশ্বাসৰ “তৃষ্ণাতোৰ জীৱন” নামৰ কাব্যগ্ৰন্থ খন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ডা: বিজুজ জাহান চালেহা বেগমে ।

ধিং পাৱলিক উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা গীত আৰু কবিতা পাঠৰ এক গাম্ভিৰ্য্যপূৰ্ণ অনুষ্ঠানত কাব্যগ্ৰন্থ খন আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় ।

উল্লেখ্য যে, ধিং জাগৰণ সাহিত্য গোষ্ঠী নগাঁও জিলাৰ উত্তৰ পশ্চিম অঞ্চলৰ সাহিত্য ক্ষেত্ৰখনৰ এটি অগ্ৰণী অনুষ্ঠান । নৱ প্ৰজন্মৰ কবি সাহিত্যিক সৃষ্টি কৰাৰ ক্ষেত্ৰত এই অনুষ্ঠানটোৱে বিগত ২৩ বছৰ ধৰি কাম কৰি আহিছে ।

Exit mobile version