Arunacal Messive Landslide In Upper Siang :অৰুণাচল আপাৰ ছিয়াঙত ভয়ংকৰ ভূমিস্খলন

পথ নিৰ্মাণত নিয়োজিত অসমৰ চাৰি শ্ৰমিকৰ শোকাৱহ মৃত্যু

arunachal lanslide

Arunacal Messive Landslide In Upper Siang:

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত শুক্ৰবাৰে নিশা সংঘটিত হোৱা এক ভয়ংকৰ ভূমিস্খলনত অসমৰ চাৰিজন শ্ৰমিকৰ শোকাৱহ মৃত্যু ঘটে।

প্ৰাপ্ত তথ্য মতে, পাৰ্বত্যাঞ্চল আপাৰ ছিয়াং জিলাত সংঘটিত হোৱা ভূমিস্খলনত জীৱন্তে সমাধিস্থ হোৱা অসমৰ শ্ৰমিক কেইজন নিয়োজিত আছিল পথ নিৰ্মাণত ৷

ঘটনাটো সংঘটিত হোৱাৰ সময়ত শ্ৰমিক কেইজন নিৰ্মিয়মান পথৰ কাষৰ অস্থায়ী কেম্পত শুই আছিল ৷ মৃত শ্ৰমিক কেইজনৰ পৰিচয় এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

উল্লেখ্য যে,পাহাৰীয়া ৰাজ্য খনত যোৱা এসপ্তাহদিন ধৰি অব্যাহত আছে প্ৰৱল বৃষ্টিপাত ৷ যাৰফলত কেতবোৰ অঞ্চলত সংঘটিত হয় ভূমিস্খলন ৷

শুক্ৰবাৰে নিশা ছিয়াং জিলাত নেৰানেপেৰা মুষলধাৰ বৰষুণৰ ফলতে ভয়ংকৰ ভূমিস্খলনৰ ঘটনাটো সংঘটিত হয় বুলি অনুমান কৰিছে এছ ডি আৰএফে

ইতিমধ্যে ঘটনাস্থলীত এছ ডি আৰ এফ সহ আৰক্ষী বৃহৎ দল উপস্থিত হৈ উদ্ধাৰ অভযান অব্যাহত ৰাখিছে যদিও বিধিপথালি দিছে প্ৰতিকুল বতৰে ৷

Exit mobile version