Bhabanipur:’বীৰনাম’ৰ ছন্দে-ছন্দে, সত্ৰীয়া সংস্কৃতিৰ চমকপ্ৰদতাৰে সামৰণি পৰিল কলবাৰীৰ শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ পালনাম মহোৎসৱ-বীৰনাম সমাৰোহ

negera nam

Bhabanipur:

ভৱানীপুৰৰ নিকটৱৰ্তী সত্ৰীয়া সংস্কৃতিৰ পৰিবেশনেৰে ঐতিহ্যমণ্ডিত কলবাৰী গাঁৱৰ শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ ৯১ সংখ্যক পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহৰ আজি সফলতাৰে সামৰণি পৰে। উল্লেখ্য যে- তিনিদিনীয়াকৈ উদযাপন কৰা পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহত কালি নিশা ন বজাৰ পৰা আৰম্ভ হোৱা বীৰনাম সমাৰোহ উদ্বোধন কৰে শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ মুখ্য পাঠক হৰেকৃষ্ণ দাসে।

আজি বিয়লি তিনি বজালৈ অনুষ্ঠিত বীৰনাম সমাৰোহত চমুৱাগাতিৰ নৱজ্যোতি মহিলা বীৰনাম দল, বৰপেটাৰ বামনা সত্ৰৰ শ্ৰীশ্ৰীৰাম আতা নাম দল,কলবাৰী বীৰনাম এনজিও,হাউলীৰ মৈৰামাৰা চতুৰ্ভূজ বীৰনাম দল,কলবাৰীৰ শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা মহিলা বীৰনাম দল,কলবাৰী বীৰনাম সত্ৰীয়া কলা কেন্দ্ৰ, হৰিয়াপাৰাৰ নৱমিলন থিয় নাম দল,কলবাৰী বীৰনাম সাংস্কৃতিক সংঘৰ লগতে কলবাৰীৰ বীৰনামৰ শিল্পী আৰু শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ ভক্তবৃন্দই সমূহীয়াকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট অনুপম সংস্কৃতি ‘বীৰনাম’ চমকপ্ৰদতাৰে পৰিবেশন কৰে।

প্ৰায় ওঠৰ ঘণ্টীয়া বীৰনাম সমাৰোহত আঠোটা নামদলৰ সহস্ৰাধিক বীৰনামৰ শিল্পীয়ে অংশগ্ৰহণ কৰে। আনহাতে আজি কলবাৰী গাঁৱৰ বীৰনামৰ শিল্পীয়ে পৰিবেশন কৰা বীৰনামত শতাধিক ভোৰতাল বাদন,অগণন নাগাৰা বাদনেৰে পাঁচ শতাধিক পালি, কেবাগৰাকীও পাঠকে অংশগ্ৰহণ কৰি পৰিবেশনত উজ্বলি উঠে শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট চিৰ সুন্দৰৰ ‘বীৰনাম’ৰ সংস্কৃতি

পৰিবেশন হোৱা প্ৰতিটো বীৰনামতেই সত্ৰীয়া সংস্কৃতিৰ দৃষ্টিনন্দন চিত্ৰ চিত্ৰিত হয়। উল্লেখ্য যে- ওঠৰ ঘণ্টীয়া বীৰনাম সমাৰোহত অসমীয়া সংস্কৃতিৰ লোকবাদ্য নাগাৰা,ভোৰতাল,খোলৰ ধ্বনি,বীৰনামৰ সুৰেৰে মুখৰ হৈ পৰে কলবাৰীৰ শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহথলীৰ লগতে বৃহত্তৰ কলবাৰী অঞ্চল।

আজি বীৰনাম সমাৰোহথলীত অতিথিৰূপে অংশগ্ৰহণ কৰে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰ আৰু গুৱাগাছা শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ সত্ৰাধিকাৰ টিকেন্দ্ৰজিৎ অধিকাৰীয়ে নাম ধৰ্মৰ সংস্কৃতিৰ ওপৰত বক্তৃতা প্ৰদান কৰাৰ লগতে বৰপেটাৰ বিশিষ্ট সত্ৰীয়া শিল্পী নকুল দাস পাঠকেও অতিথিৰূপে উপস্থিত থাকে।

বিয়লি তিনি বজাত শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ মুখ্য পাঠক হৰেকৃষ্ণ দাসে উপস্থিত ৰাইজ তথা ভক্ত বৈষ্ণৱক লৈ হৰিধ্বনিৰে সামৰণি পৰে তিনিদিনীয়াকৈ উদযাপিত ৯১ সংখ্যক পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহ।

Exit mobile version