Sri Raghupati Banned:ৰবি শৰ্মাৰ ‘শ্ৰী ৰঘুপতি’ মুক্তিত ন্যায়ালয়ৰ বাধা

অনিৰ্দিষ্ট কালৰ বাবে নিষেধাজ্ঞা জাৰি ন্যায়ালয়ৰ

ravi sarma 1

Sri Raghupati Banned:

জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ বহু চৰ্চিত অসমীয়া কথাছবি ‘শ্ৰী ৰঘপুতি’ মুক্তিত ন্যায়ালয়ৰ বাধাআৰোপ। অনিৰ্দিষ্টকালৰ বাবে চিনেমাখন মুক্তিত বাধা আৰোপ কৰিলে কামৰূপ ন্যায়াধীশ আদালতে

উল্লেখ্য যে,দুই জুনত সমগ্ৰ দেশত মুক্তিলাভ কৰাৰ কথা আছিল ৰবি শৰ্মা অভিনীত ‘শ্ৰী ৰঘুপতি ছবি খনে। চিনেমাখনৰ মুক্তিৰ পূৰ্বে আজি ন্যায়ালয়ে এই নিৰ্দেশনা প্ৰদান কৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি চিনেমাখনৰ পূৰ্বৰ প্ৰযোজক সুৰয শৰ্মাৰ সৈতে ৰবি শৰ্মাই চুক্তি উলংঘা কৰাৰ অভিযোগ উদ্থাপন কৰি শৰ্মাৰ পুত্ৰ ধৃতিমান শৰ্মাই কামৰূপ মহানগৰ সত্ৰ ন্যয়াধীশ আদালতত এক গোচৰ তৰিছিল ৷

অভিযোগ অনুসৰি শ্ৰী ৰঘুপতি চিনেমাখন নিৰ্মাৰ বাবে পূৰ্বে সুৰয শৰ্মাৰ ‘ল’কাচ ক্ৰিয়েটিভ প্ৰডাকশ্বনৰ হৈ অগ্ৰীম ধন প্ৰদান কৰিছিল।

মনকৰিবলগীয়া যে,চলচিত্ৰ খন ল’কাচ ক্ৰিয়েটিভ প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰাৰ লগতে শুভ মুক্তি দিয়াৰ সম্পৰ্কতো চুক্তি হৈছিল যদিও পৰৱৰ্তী সময়ত সেই চুক্তি ভংগ কৰি ‘শ্ৰী ৰঘুপতি’ চিনেমাখন শৈলন কুমাৰ শৰ্মাৰ ‘মণিৰত্ন এণ্টাৰটেইনমেণ্ট’ৰ বেনাৰত শুভমুক্তি দিয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলে ।

যাৰবাবে পূৰ্বৰ চুক্তি ভংগ কৰাৰ অভিযোগ কৰি সুৰয শৰ্মাৰ পুত্ৰ ধৃতিমান শৰ্মা কামৰূপ মহানগৰ জিলা সত্ৰ আৰু চেছন ন্যায়াধীশ আদালতত গোচৰ ৰজু কৰে।

আনহাতে চলচিত্ৰ খন নিৰ্ধাৰিত সময়ত মুক্তিৰ বাবে মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ হৈ ময়ূৰাক্ষী শৰ্মাই আদালতত আৱেদন কৰিছিল যদিও আদালতে ধৃতিমান শৰ্মা আবেদন খনৰ সপক্ষে ৰায় প্ৰদান কৰি অনিৰ্দিষ্ট কাললৈ চিনেমাখন প্ৰদৰ্শনত বাধাআৰোপ কৰে।

আনহাতে আজি আদালতে দিয়া ৰায় প্ৰদান কৰা সম্পৰ্কত ৰবি শৰ্মা আৰু মণিৰত্ন এণ্টাৰটেইনমেণ্ট’ৰ হৈ প্ৰযোজক শৈলন কুমাৰ শৰ্মাই এক সংবাদমেল সম্বোধন কৰি কয় যে,চিনেমা খন তেওঁৰ প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হৈছে ৷

সেই অনুসৰি চেন্সৰ বৰ্ডে ইতিমধ্যে চাৰ্টিফিকেট দিছে ফিল্মখন মুক্তিৰ বাবে৷এনে ক্ষেত্ৰত জনৈক ধৃতিমান শৰ্মাই তেওঁক বিবাদী পক্ষ সজাই আদালতত গোচৰ তৰি নিষেধাজ্ঞা আৰোপ কৰালে বুলি কয় শৈলন কুমাৰ শৰ্মাই ৷

এনে ক্ষেত্ৰত শুক্ৰবাৰে পুনৰ আদালতত সকলো তথ্য সমৃদ্ধ নথিপত্ৰ সহ পুনৰ আবেদন জনোৱা হ’ব ৷ ‘শ্ৰী ৰঘপুতিৰ প্ৰযোজক শৈলন কুমাৰ শৰ্মাই সংবাদমেলত দৃঢ়তাৰে কয়,চিনেমা খন পূৰ্ব নিৰ্ধাৰিত দিনতে মুক্তি দিয়া হ’ব ৷

Exit mobile version