AEC New Principal Appointed:অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ ভাৰপ্রাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি ড: কল্যাণ কলিতাক

মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী অধ্যাপক ড: কল্যাণ কলিতা

aec principal

AEC New Principal Appointed:

: মহানগৰীৰ জালুকবাৰীস্থ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সাতজনকৈ ছাত্ৰ ২৮ মে’ৰ নিশা কলেজৰে কিছু নিলগত এক শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনাৰ পাছত ৰাজ্যৰ কাৰিকৰী শিক্ষা বিভাগে লৈছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

সেই অনুসৰি শুক্ৰবাৰে ৰাজ্য চৰকাৰে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ মহাবিদ্যালয় খনৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী অধ্যাপক ড: কল্যাণ কলিতা ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে ৷

উল্লেখযোগ্য যোৱা অভিশপ্ত ২৮ মে’ৰ মাজনিশা জালুকবাৰী থানাৰ সমীপতে সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত মহাবিদ্যালয় খনৰে সাতজনকৈ সম্ভাৱনাময় ছাত্ৰই মৃত্যুক আকোঁৱালি লয় ৷

এই ভয়ংকৰ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হৈছিল বয়লাৰ কঢ়িওৱা ডি আই বাহনখনৰ চালক আৰু হেণ্ডিমন সহ তিনিজন লোক ৷ বৰ্তমান তিনিও চিকিৎসাধীন হৈ আছে জি এম চি এইছত

Exit mobile version